স্পেনিছ ফ্লু’তকৈ কম ভয়াৱহ কৰ’না ভাইৰাছঃবিশ্ব স্বাস্থ্য সংস্থা

h 54345257 e1533023643407

epa06747281 Tedros Adhanom Ghebreyesus, director general of the World Health Organization (WHO), attends a press conference at the European headquarters of the United Nations in Geneva, Switzerland, 18 May 2018. The WHO Director-General answered questions ahead of the World Health Assembly and following the meeting of an International Health Regulations Emergency Committee on Ebola in the Democratic Republic of the Congo. EPA-EFE/VALENTIN FLAURAUD

অনাগত দুবছৰত বিশ্বৰ পৰা কৰ’না ভাইৰাছে বিদায় ল’ব ৷এই কথা সদৰী কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ৷ক’ভিড১৯ স্পেনিছ ফ্লুতকৈ কম সময়তে বিশ্বৰ পৰা নোহোৱা হ’ব। হু ৰ প্ৰধান ট্ৰেড্ৰচ অধানামে কয় “আমি আশা কৰিছো যে দুবছৰৰ ভিতৰত কৰ’না মহামাৰীয়ে এই পৃথিৱীৰ পৰা বিদায় ল’ব ।

১৯১৮ চনৰ স্পেনিছ ফ্লুতকৈ কৰ’না ভাইৰাছ কম সময়তে শেষ হ’ব। লগতে সেই সময়ৰ তুলনাত সম্প্ৰতি দেশ বহু আগবাঢ়িছে আৰু সেই কাৰণেও কৰ’নাৰ সংক্ৰমণো বৃদ্ধি পাইছে। আমি প্ৰযুক্তি বিদ্যাৰ সমানে আগবঢ়াতো আমাৰ সকলোৰে কাৰণে লাভজনক বুলি কয় অধানামে ৷আনহাতে আধুনিক বিশ্বৰ ইতিহাসত বহু ভয়াৱহ আছিল স্পেনিছ ফ্লু।

তিনিটা পৰ্যায়ত বিয়পিছিল স্পেনিছ ফ্লু ৷প্ৰথম বিশ্বযুদ্ধত যিমান লোকৰ মৃত্যু হৈছিল তাতোকৈ অধিক লোকৰ মৃত্যু হৈছিল স্পেনিছ ফ্লুত। উল্লেখযোগ্য যে সম্প্ৰতি কৰ’নাত ২৯ লাখৰো অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে ।মৃত্যু হৈছে ৫৪ হাজাৰ ৷

Exit mobile version