২৯ আগষ্টত প্ৰদান কৰা হ’ব ৰাষ্ট্ৰীয় খেল ৰত্ন পুৰস্কাৰ

আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন মহিলা বক্সাৰ লাভলীনা বৰগোহাঞিলৈ আগবঢ়োৱা হৈছে অৰ্জুন বঁটা ।অসমৰ ষষ্ঠ গৰাকী খেলুৱৈ হিচাপে লাভলীনাই লাভ কৰিছে এই সন্মান ৷লাভলীনাক ২৯ আগষ্টত এই বঁটা প্ৰদান কৰা হ’ব।লাভলীনালৈ সম্প্ৰতি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে অসমবাসীয়ে শুভেচ্ছা জনাইছে ৷আনহাতে ক্ৰীড়া মন্ত্ৰণালয়ে ৰাষ্ট্ৰীয় খেলৰ সন্দৰ্ভত শুক্ৰবাৰে তালিকা ঘোষণা কৰিলে।

ADVERTISEMENT

মন্ত্ৰণালয়ে চলিত বৰ্ষত ক্ৰিকেটাৰ ৰোহিত শৰ্মা, মল্ল যুঁজৰু বিনেশ ফোগাট,মহিলা হকী টিমৰ কেপ্তেইন ৰানী ৰামপাল,টেনিছ খেলুৱৈ মনিকা বাট্টা ,হাইজাম্পাৰ মৰিয়াপ্পান থাঙ্গাভেলুক ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত খেল ৰত্ন পুৰস্কাৰেৰে সন্মানিত কৰিব। প্ৰথমবাৰৰ কাৰণে একেলগে পাঁচজন খেলুৱৈক একেলগে খেল ৰত্ন পুৰস্কাৰেৰে সন্মানিত কৰিব ৷

৩৩বয়সীয়া ৰোহিত ৰাইনা খেল ৰত্ন লাভ কৰা চতুৰ্থতম ক্ৰিকেটাৰ হ’ব ৷ইয়াৰ পূৰ্বে শচীন তেণ্ডুলকাৰ,সম্প্ৰতি অৱসৰ লোৱা মহেন্দ্ৰ সিং ধোনী,ইণ্ডিয়ান ক্ৰিকেট টীমৰ অধিনায়ক বিৰাট কোহলীক এই সন্মানেৰে সন্মানিত কৰা হৈছে । আনহাতে পোন প্ৰথমবাৰৰ কাৰণে ভাৰতীয় ইতিহাসত খেল ৰত্ন লাভ কৰা খেলুৱৈয়ে অৰ্জুন এৱাৰ্ডৰ কাৰণে মনোনীত হৈছে ৷

২৯ জন খৈলুৱৈ ভিতৰত ২৭ জনক অৰ্জুন এৱাৰ্ড দিয়া হ’ব ৷ইয়াৰ ভিতৰত ঈশান্ত শৰ্মা,দীপ্তি শৰ্মা,অতানু দাস,শিৱা কেশৱান,দুতী চন্দ,চিৰাগ চেট্টী,লাভলীনা বৰগোহাঞি,অদিতি আশোক,আকাশদ্বীপ সিং,দীপক হুড্ডা,মনু ভাকৰ,সৌৰভ চৌধুৰী,মধুৰিকা পাটকৰ,মনীষ নৰৱাল আদি ৷

Exit mobile version