অৱশেষত আভ্যন্তৰীণ কন্দলত জৰ্জৰিত ভাৰতীয় কংগ্ৰেছ দলৰ পৰা বিদায় ল’লে দুলু আহমেদে । অসম প্ৰদেশ কংগ্ৰেছ সাধাৰণ সম্পাদক আৰু ভাৰতীয় কংগ্ৰেছৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা কংগ্ৰেছ নেতাগৰাকীক কে’বামাহৰ পূৰ্বে দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল । তাৰ পাছতে দলটো তেওঁ পুনৰ অন্তভুক্তিৰ চেষ্টা চলাইছিল যদিও বিফল হৈ অৱশেষত দল ত্যাগ কৰিলে নেতাজনে ।
যোৱা শনিবাৰে আহমেদে কংগ্ৰেছ হাইকামাণ্ডলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ । উল্লেখ্য যে, এই সংক্ৰান্ত আহমেদে দেওবাৰে বিয়লি এক সংবাদমেল সম্বোধন কৰা কথা । এই কথা তেওঁৰ নিজ মুখে প্ৰকাশ কৰা নাই যদিও উক্ত সংবাদমেলত সকলো তথ্য ৰাইজৰ কৰাৰ সম্ভাৱনা ।