কোভিশ্বিল্ড ৭৩ দিনত উপলব্ধ হোৱাৰ খবৰ খাৰিজ চিৰাম ইনষ্টিটিউটত অফ ইণ্ডিয়াৰ

covishield 1598151509

বিগত সময়ত কোভিশ্বিল্ড ৭৩ দিনত উপলব্ধ হোৱাৰ খবৰ খাৰিজ কৰে চিৰাম ইনষ্টিটিউটত অফ ইণ্ডিয়াই ৷ লগতে ইনষ্টিটিউটখনে কয় যে সম্প্ৰতি চৰকাৰে আমাক ভেকচিন তৈয়াৰ কৰিবৰ কাৰণে আৰু ভৱিষ্যতে ইয়াক ব্যৱহাৰ কৰিবৰ কাৰণে অনুমতি দিছে ৷ ভেকচিন বজাৰলৈ ট্ৰায়েল সম্পূৰ্ণ হোৱাৰ পিছতহে আহিব ৷ আনহাতে শনিবাৰে কোভিশ্বিল্ডৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েল হ’ব ।

ADVERTISEMENT

আনহাতে দেশত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা । বিগত ২৪ ঘন্টাত দেশত প্ৰায় ৭০ হাজাৰ লোক আক্ৰান্ত হৈছে কৰ’নাত ৷ ইয়াৰ লগে লগে কৰ’নাত আক্ৰান্তৰ সংখ্যা ৩০ লাখলৈ বৃদ্ধি পালে । মৃত্যু হৈছে ৯১৮ জন । আনহাতে কৰ’নাত আক্ৰান্ত হৈ সুস্থ হৈছে ৫৯,১০১জন ৷ কৰ’নাত প্ৰতিদিনে বাঢ়ি অহা পৰিসংখ্যা লক্ষ্য কৰিলে সম্প্ৰতি দেশবাসী কৰ’নাৰ ভেকচিন কেতিয়া উদ্ভাৱন হ’ব সেই সন্দৰ্ভত উৎসুক হৈ পৰিছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসৰ দিনা কৰ’না ভেকচিন অনতিপলমে উপলব্ধ হ’ব বুলি সদৰী কৰিছিল ।

আনহাতে ৰাছিয়াই কৰ’নাৰ ভেকচিন উদ্ভাৱন কৰি সকলোকে সচকিত কৰি তুলিছে ৷ কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে বিশ্বৰ বিশেষজ্ঞসকলে ৰাছিয়াৰ ভেকচিনক বিশ্বাসত ল’ব পৰা নাই । কিন্তু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ কন্যাৰ শৰীৰত কৰ’নাৰ ভেকচিন প্ৰয়োগ কৰি ভেকচিন ৰাছিয়াৰ ভেকচিন সুৰক্ষিত বুলি দাবী কৰিছে ৷

Exit mobile version