গুৱাহাটীৰ বৰা চাৰ্ভিছ নিৱাসী অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট সমাজসেৱক ৰমা দত্তৰ পৰলোকপ্ৰাপ্তি

WhatsApp Image 2020 08 23 at 8.29.54 PM

গুৱাহাটীৰ বৰা চাৰ্ভিছ নিৱাসী বিশিষ্ট নাগৰিক, অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট সমাজসেৱক ৰমা দত্তৰ আজি দিনৰ ১১ বজাত বাৰ্ধক‍্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ । নলবাৰীৰ দাহুদী গাঁৱৰ উলুবাৰী চুবাত জন্ম হোৱা প্ৰয়াত দত্তই শৈশৱতে পিতৃহাৰা হৈ অশেষ কষ্টেৰে শিক্ষাগ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

তাৰ পাছত প্ৰথমে পৰিসংখ‍্যা বিভাগত যোগদান কৰি চাকৰি জীৱনৰ পাতনি মেলে আৰু পাছলৈ অৰুণাচলৰ নেফাত কিছুকাল শিক্ষকতা কৰে। নেফাত থকা কালত প্ৰয়াত দত্তই অসম কেশৰী অম্বিকাগিৰীৰ পৰামৰ্শ অনুসৰি তাৰ স্থানীয় বাসিন্দাসকলক নিয়মীয়াকৈ ‌বাতৰি কাকত পঢ়ি শুনাই তেওঁলোকৰ মাজত সচেতনতা গঢ়ি তোলাৰ চেষ্টা কৰিছিল। পাছত নেফাৰ চাকৰি ইস্তফা দি ধিঙৰ ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অৰ্থনীতিৰ বিষয় শিক্ষক হিচাপে যোগ দিয়ে।

পাছলৈ ক্ৰমে শোলমাৰা উঃ মাঃ বি, দলগোমা উঃ মাঃ বিঃ, গান্ধীস্মৃতি উঃ মাঃ বি আৰু পানবজাৰ ছোৱালী উঃ মাঃ বিত শিক্ষকতা কৰি ১৯৯৮ চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। ১৯৯৮ চনত শিক্ষক দিৱস উপলক্ষে কৃতী শিক্ষক হিচাপে তেওঁ ৰাজ‍্য চৰকাৰৰ স্বীকৃতি লাভ কৰিছিল। বিশিষ্ট লেখক ৰমা দত্তই আলিবাটৰ সোণ বোটলে কোনে, স্বাৱলম্বিতাৰ নিদৰ্শনকে ধৰি কে’বাখনো গ্ৰন্থ লিখি থৈ গৈছে।

আশীৰ দশকৰ আৰম্ভণিতে বিভিন্ন ব‍্যৱসায়-বাণিজ‍্যৰ জৰিয়তে বহিৰাগত লোকসকলে কিমান ধন উপাৰ্জন কৰি অসমৰ পৰা বহিঃৰাজ‍্য সমূহলৈ প্ৰেৰণ কৰে সেই সম্পৰ্কে বিতং তথ্য সংগ্ৰহ কৰি জনমভূমি, নতুন অসমীয়া আদি কাকতত লিখা প্ৰবন্ধসমূহে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল। পাছলৈ সেই প্ৰবন্ধবোৰৰ আধাৰতে “আলিবাটৰ সোণ বোটলে কোনে” শীৰ্ষক গ্ৰন্থখন সংকলন কৰিছিল ।

১৯৮৩ চনত ‘শিশু সাহিত্য চ’ৰা” নামেৰে এক গ্ৰন্থ বিপনী আৰম্ভ কৰি শিশুসকলৰ মাজত কিতাপ পঢ়াৰ অভ‍্যাস গঢ়ি তোলাৰ উদ্দেশ্যে কোনো লাভ নোলোৱাকৈ কিনা দামতে নেচনেল বুক ট্ৰাষ্টৰ নেহৰু বাল পুস্তকালয়ৰ শিশুৰ উপযোগী কিতাপসমূহ যোগান ধৰিছিল । উল্লেখযোগ্য যে বিভিন্ন সমাজসেৱামূলক কামতো তেওঁ জড়িত আছিল। বিশেষকৈ ধিঙত চাকৰি কৰি থকা কালছোৱাত অৰ্থনৈতিক ভাৱে দুৰ্বল ভালেমান লোকক তেওঁ পাৰ্যমানে সহায় কৰিছিল।

Exit mobile version