বৰঝাৰ বিমানবন্দৰ ব্যক্তিগতকৰণ কৰি বিজেপি চৰকাৰে ভাৰতৰত্ন বৰদলৈক চৰম অপমান কৰিছে: ৰিপুন বৰা

WhatsApp Image 2020 08 23 at 8.38.02 PM

 

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ ব্যক্তিগতকৰণ কৰি অসমৰ ইতিহাসৰ যুগদ্ৰষ্টা ব্যক্তি লোকপ্ৰিয় গোপীনাথ বৰদলৈক বিজেপি নেতৃত্বাধীন উভয় চৰকাৰে চৰম অপমান কৰিছে।” এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ। আজি বৰঝাৰ বিমানবন্দৰৰ চৌহদত থকা এয়াৰপোৰ্ট অথৰিটি এম্পলয়িজ ইউনিয়ন (এ.এ.আই.ইউ) সভাগৃহত এ.এ.আই.ইউৰ সৈতে এখন যৌথ সংবাদমেলত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বৰাই।

তেওঁ পুনৰ কয়, “বৰঝাৰ বিমান বন্দৰৰ ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতি জড়িত হৈ আছে । আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনতো ২০০৮ ত প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ নেতৃত্বাধীন মন্ত্ৰীসভাই বিমানবন্দৰ ব্যক্তিগতকৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল । কিন্তু দিল্লী আৰু মুম্বাই বিমান বন্দৰ ব্যক্তিগতকৰণৰ পিছত এ.এ.ই.ইউকে ধৰি ট্ৰেড ইউনিয়ন সমূহে ইয়াৰ প্ৰতিবাদ কৰাত কংগ্ৰেছ চৰকাৰে বিমান বন্দৰ ব্যক্তিগতকৰণৰ সিদ্ধান্ত বাতিল কৰিছিল । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বধীন বিজেপি চৰকাৰখনে ২০১৮ৰ পৰা আদানী গ্ৰুপক লাভজনক বিমান বন্দৰসমূহ গতাই দি ব্যক্তিগতকৰণ কৰাৰ লগতে ভাৰতৰ জাতীয় সম্পদ সমূহ পুঁজিপতিক গতাই দিবলৈ উঠি পৰি লাগিছে । প্ৰধানমন্ত্ৰী মোদী আৰু আদানিৰ মাজত এই মিতিৰালীৰ বিষয়ে ৰাইজে এতিয়া সকলো বুজি উঠিছে।”

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ দেশৰ প্ৰতিৰক্ষাৰ দিশতো গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি বৰাই পুনৰ কয়, “চীন, বাংলাদেশ, ম্যানমাৰ, ভূটান আদি বিদেশী ৰাষ্ট্ৰৰে আবৃত হৈ থকা আৰু প্ৰতিৰক্ষাৰ দিশতো গুৰুত্বপূৰ্ণ বৰঝাৰ বিমান বন্দৰটোক ব্যক্তিগতকৰণ কৰিলে দেশৰ সুৰক্ষাৰ প্ৰতিও ভাবুকি আহিব।” বৰঝাৰ বিমানবন্দৰকে ধৰি দেশৰ যিকোনো বিমান বন্দৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে কংগ্ৰেছ দলে সদায় তীব্ৰ প্ৰতিবাদ কৰিব বুলিও তেওঁ কয়।

লগতে ২০২৪ চনত কেন্দ্ৰত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিলে বিমান বন্দৰ ব্যক্তিগতকৰণৰ চুক্তি বাতিল কৰিব বুলি বৰাই মন্তব্য কৰে। উল্লেখ্য যে, কংগ্ৰেছৰ উদ্যোগত কামৰূপ মহানগৰ জিলা সমিতিয়ে কাইলৈ দিনৰ ১১ বজাৰ পৰা বৰঝাৰ বিমান বন্দৰৰ সন্মুখত এ.এ.ই.ইউৰ সহযোগত দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বুলি বৰাই উক্ত সংবাদমেলত ঘোষণা কৰে। উক্ত সংবাদমেলত উপস্থিত থাকি এ.এ.ই.ইউৰ কাৰ্যকৰ্তা পবিত্ৰ দাস, সুনীল লাল চৌধুৰী, ৰাজু কুমাৰ দাসে কেন্দ্ৰীয় চৰকাৰৰ বিমানবন্দৰ ব্যক্তিগতকৰণৰ সিদ্ধান্তই হাজাৰ হাজাৰ লোকৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি মন্তব্য কৰে ।

কাইলৈ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীলৈ এ.এ.ই.ইউ সমৰ্থন আগবঢ়োৱা হব বুলিও তেওঁলোকে উল্লেখ কৰে । ইয়াৰ উপৰিও বিমান বন্দৰ ব্যক্তিগতকৰণৰ সিদ্ধান্তৰ বিৰোধিতা কৰা সকলো দল-সংগঠনক এ.এ.ই.ইউৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰা কৰে । উক্ত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আৰু মুখপাত্ৰ প্ৰফুল্ল কুমাৰ দাসসহ এ.এ.ই.ইউৰ বহুকেইজন কাৰ্যকৰ্তা উপস্থিত থাকে।

Exit mobile version