শীঘ্ৰে প্ৰকাশ পাব নতুন পাঠ্যক্ৰম

ASSAM HIGHER SECONDARYFILE PHOTO e1558321436237

চলিত শিক্ষা বৰ্ষত হ্ৰাস পাব উচ্চতৰ মাধ্যমিকৰ কেউটা শাখাৰ ৩০ শতাংশ পাঠ্যক্ৰম। যোৱা ১৯ আগষ্টত অনুষ্ঠিত এক বৈঠকত এই সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে । শিক্ষা সংসদৰ এক সূত্ৰই আজি এই কথা সদৰী কৰি জনোৱা মতে, কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত যোৱা ১৬ মাৰ্চৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত বন্ধ হৈ আছে পাঠদান প্ৰক্ৰিয়া ।

লগতে কৰ’নাৰ ভয়াবহতাৰ বাবে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান, বাণিজ্য আৰু কাৰিকৰী শাখাৰ প্ৰথম বৰ্ষৰ পৰীক্ষাও চলিত বৰ্ষত অনুষ্ঠিত কৰিব নোৱাৰিলে শিক্ষা সংসদে । অতি শেহতীয়াকৈ তলাবন্ধৰ ক্ষেত্ৰত থকা কেতবোৰ নীতি-নিৰ্দেশনা শিথিল কৰা সত্বেও স্বাভাৱিক হোৱা নাই ৰাজ্যৰ পৰিৱেশ ।

বিশেষকৈ, যোৱা ১৬ মাৰ্চৰ পৰা বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহ সম্পূৰ্ণকৈ খোলাৰ বাবে এই পৰ্যন্ত কোনো নিৰ্দেশনা জাৰি কৰা নাই কেন্দ্ৰীয় চৰকাৰে । অহা পহিলা ছেপ্টেম্বৰৰ পৰা সীমিত সংখ্যক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত মাধ্যমিক পৰ্যায়ৰ পৰা পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে চিন্তা-চৰ্চা কৰিলেও এই সম্পৰ্কত চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰেও ।

এনেবোৰ দিশেই চালি জাৰি চাই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ কলা, বিজ্ঞান, বাণিজ্য আৰু কাৰিকৰী শাখাৰ পাঠ্যক্ৰম ৩০ শতাংশকৈ হ্ৰাস কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

অৱশ্যে সংশ্লিষ্ট শাখাসমূহৰ কেনেদৰে পাঠ্যক্ৰম হ্ৰাস কৰা হ’ব সেয়া চূড়ান্ত হোৱা নাই । দুই এদিনতে এই সম্পৰ্কীয় কাম-কাজ সম্পন্ন কৰাৰ বাবে শিক্ষা সংসদে নিৰ্ধাৰণ কৰিছে বুলি সূত্ৰটোৱে জনায়। উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলক কিছু পৰিমাণে চাপমুক্ত কৰাৰ বাবে শিক্ষা সংসদে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলিও সূত্ৰটোৱে উল্লেখ কৰে ।

লগতে জনায় যে এই সম্পৰ্কত প্ৰয়োজনীয় অনুমোদন লাভ কৰাৰ মাত্ৰেই উচ্চতৰ মাধ্যমিকৰ কেউটা শাখাৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নতুন পাঠ্যক্ৰম শিক্ষা সংসদে ঘোষণা কৰিব ।

Exit mobile version