সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সন্দৰ্ভত চিবিআইৰ তদন্ত অব্যাহত

sushant00 5f3b529a538d7

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ হত্যাৰ চিবিআই তদন্তৰ আজি তৃতীয়টো দিন । দেওবাৰে সুশান্তৰ বন্ধু সিদ্ধাৰ্থ পিঠানী, ৰান্ধনী নিৰজ সিং আৰু গেষ্টহাউচৰ কৰ্মচাৰী দীপেশ চাৱন্তক সোধ-পোচ কৰে । ১৪ জুনত সুশান্তৰ মৃত্যুৰ দিনা সুশান্তৰ বাসগৃহত উপস্থিত আছিল তিনিওজন । এই সন্দৰ্ভত চিবিআইৰ দলটোৱে প্ৰায় ৫ ঘন্টা সোধ পোচ কৰাৰ অন্তত ২.৪৫ বজাত তেওঁলোকক সুশান্তৰ বান্দ্ৰাস্থিত বাসগৃহলৈ লৈ যায়।

সুশান্তৰ বাসগৃহত উপস্থিত হোৱাৰ সময়ত চিবিআইৰ দলটোৰ লগত ফৰেনসিক বিশেষজ্ঞও লগত আছিল বুলি সূত্ৰত প্ৰকাশ । ইয়াৰ পাছতে চিবিআইৰ এটা দলে বান্দ্ৰা আৰক্ষী চকীত পূৰ্বতে সুশান্তৰ আত্মহত্যাৰ তদন্ত কৰা মুম্বাই আৰক্ষী বিষয়াক লগ কৰে । শুক্ৰবাৰে, চিবিআইৰ দলটোৱে নিৰজ আৰু পিঠানীৰ ভাষ্য ৰেকৰ্ডিং কৰি ৰাখে ।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে যোৱা বুধবাৰে চিবিআইক অভিনেতাগৰাকীৰ আত্মহত্যাৰ তদন্তৰ বাবে ৰায় দিছিল। ইপিনে, সুশান্ত সিং ৰাজপুতৰ সন্দৰ্ভত চেতন ভগতে কয় যে, ‘চিচ’ৰে’ ছবিখন হিট হ’লেও সুশান্তক প্ৰাপ্য কৃতিত্ব দিয়া হোৱা নাই । উল্লেখ্য যে, সুশান্ত সিং ৰাজপুতে অভিনয় কৰা ‘কাই প’ চে’ ছবিখনত একেলগে কাম কৰিছিল চেতন ভগতে।

Exit mobile version