হেগিয়া ছোফিয়াৰ পাছত এইবাৰ তুৰ্কীত বাইজানটাইন গিৰ্জাক পৰিৱৰ্তন কৰা হ’ল মছজিদলৈ

Screenshot 2 1

তুৰ্কীত পুৰণি গিৰ্জা মছজিদলৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়া অব্যাহত আছে। ইস্তানবুলৰ অন্যতম দৰ্শনীয় স্থান হেগিয়া ছোফিয়াক মছজিদলৈ পৰিণত কৰাৰ মাহ ছেৰেকৰ ভিতৰতে পুনৰ এটি সংগ্ৰহালয় তথা পুৰণি গিৰ্জাক মছজিদলৈ পৰিণত কৰা হ’ল । নতুন এই মছজিদটো ‘চোৰা’ সংগ্ৰহালয় তথা ইতিহাসত চেইণ্ট জেভিয়াৰ গিৰ্জা হিচাপে পৰিচিত আছিল।

তুৰ্কী চৰকাৰৰ দ্বাৰা হেগিয়া ছ’ফিয়াক মছজিদলৈ পৰিৱৰ্তন কৰা সিদ্ধান্তক লৈ ইতিমধ্যে মিশ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল, কিন্তু তুৰ্কী চৰকাৰ স্তব্ধ নহ’ল এনে প্ৰতিক্ৰিয়াত। ফলত তুৰ্কী চৰকাৰে একেধৰণৰ আন এক কার্য সংঘটিত কৰিলে অতিকৈ কম দিনৰ ভিতৰতে। চোৰা সংগ্ৰহালটো পূৰ্বে বাইজানটাইন গিৰ্জা হিচাপে পৰিচিত আছিল । পাছত গিৰ্জাটো সংগ্ৰহালয়লৈ পৰিণত কৰা হয়। এইবাৰ কিন্তু সামগ্ৰিক ৰূপটোৱেই সলাই দিয়া হয় পূৰ্বৰ গিৰ্জাঘৰটোৰ।

তুৰ্কী প্ৰশাসনে কালি এক ঘোষণাৰ দ্বাৰা জনাই দিয়ে যে এই স্থাপত্যটোৱে এতিয়াৰ পৰা মুছলিম ধৰ্মস্থান হিচাপে স্বীকৃতি পাব। দেশখনৰ ৰাষ্ট্ৰপতি ৰেচেপ তায়েপ এৰ্ড’গানে নিজে এই সিদ্ধান্তৰ কথা জনায়। বাইজানটাইন গিৰ্জা তথা সংগ্ৰহালয়টো মছজিদলৈ পৰিৱৰ্তনৰ কথা সদৰী হোৱা মাত্ৰকে কালি মুছলিম ধৰ্মাৱলম্বী লোকসকলে তাত শুকুৰবৰীয়া নামাজৰ বাবে উপস্থিত হয় ।

নিঃসন্দেহে মুছলিম ধৰ্মাৱলম্বী লোকসকলক এই খবৰে অতিকৈ আনন্দিত কৰি তোলে, কিন্তু কৰ্তৃপক্ষই জনাই দিয়ে যে মছজিদটো এতিয়াও সাধাৰণ লোকৰ নামাজৰ বাবে মুকলি কৰি দিয়া হোৱা নাই । উল্লেখ্য যে, হেগিয়া ছোফিয়া স্হাপত্যক মছজিদ কৰাৰ প্ৰস্তাৱ লৈ দেশৰ ৰাষ্ট্ৰপতি আদালতত দ্বাৰস্থ হৈছিল । আদালতে ৰাষ্ট্ৰপতিৰ প্ৰস্তাৱত সন্মতি দিয়ে । দেশৰ আৰ্থিক সংকটৰ সময়ত মুছলিমসকলৰ সমৰ্থন লাভ কৰাৰ লক্ষ্যৰে এনে সিদ্ধান্ত লোৱা বুলি ইতিমধ্যে গ্ৰীচে তুৰ্কীক নিন্দা কৰিছিল ।

ভেটিকানৰ পোপ ফ্ৰান্সিচেও তুৰ্কীৰ এই সিদ্ধান্তৰ দুখ প্ৰকাশ কৰে, কিন্তু চৰকাৰে কোনো গুৰুত্ব নিদিলে এনে প্ৰতিক্ৰিয়াৰ । ফলত ৮৬ বছৰত প্ৰথমবাৰলৈ হেগিয়া ছোফিয়া চৌহদত নামাজৰ ধ্বনি শুনিবলৈ পোৱা যায়। মুছলিম সম্প্ৰদায়ৰ শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত নামাজত ৰাষ্ট্ৰপতি এৰ্ড’গানেও অংশ লয়।

নামাজত অন্যান্য বহু মন্ত্ৰীও উপস্থিত আছিল । বাইজানটাইন গিৰ্জাত পুনৰ এবাৰ একে দৃশ্য বাস্তৱায়িত হ’বলৈ গৈ আছে অতি শীঘ্ৰে । যি ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় প্ৰতিক্ৰিয়া তুৰ্কীৰ বাবে হৈ পৰিছে অতিকৈ গৌণ ।

Exit mobile version