কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দল

jpg 3

আজি কংগ্ৰেছৰ কাৰ্যবাহী সমিতিৰ বৈঠকত ছোনিয়া গান্ধীয়ে অধ্যক্ষৰ পদৰ পৰা অব্যাহতি লোৱাৰ সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰে। ইয়াৰ লগে লগে কংগ্ৰেছৰ ভিতৰচ’ৰাত শীতল যুদ্ধই দেখা দিছে ৷ আনহাতে নেতৃত্বৰ পৰিবৰ্তন বিচাৰি কংগ্ৰেছে দিয়া চিঠিৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে মন্তব্য কৰে যে বিজেপিৰ লগত মিলি কংগ্ৰেছৰ কিছুমান নেতা এই অভিসন্ধি চলাইছে ৷ ৰাহুল গান্ধীয়ে দিয়া এই মন্তব্যৰ পিছতে ইতিমধ্যে কংগ্ৰেছত বিৰোধিতা আৰম্ভ হৈছে  ৷ ৰাহুল গান্ধীৰ মন্তব্যক তীব্ৰ বিৰোধ কৰা সকলৰ ভিতৰত আছে কপিল চিব্বাল আৰু গুলাম নবী।

ইপিনে কংগ্ৰেছৰ প্ৰায় ২৩ জন নেতাই ছোনিয়া গান্ধীক চিঠি লিখি কয় যে বিজেপি প্ৰতিদিনে আগবাঢ়ি গৈছে ৷ বিগত নিৰ্বাচনত দেশৰ যুৱ প্ৰজন্মই আত্মবিশ্বাসেৰে বিজেপিক ভোটদান কৰিছে । গতিকে কংগ্ৰেছৰ নেতৃত্ব সবল হ’ব লাগে যাতে সকলোতে তাৰ প্ৰভাৱ পৰে ।

আনহাতে আজি কংগ্ৰেছৰ কাৰ্যবাহী সমিতিত ছোনিয়া গান্ধীয়ে অধ্যক্ষ পদৰ পৰা অব্যাহতি লোৱাৰ কথা উত্থাপন কৰে । আৰু কয় যে তেওঁৰ পদত্যাগৰ যাৱতীয় প্ৰস্তুতি কৰিব লাগে ৷ কিন্তু এই সময়ত প্ৰধানমন্ত্ৰী মন মোহন সিং আৰু জ্যেষ্ঠ নেতা এ কে এন্টনীয়ে পুনৰ ছোনিয়া গান্ধীক সকলো বিবেচনা কৰিবলৈ কয়। লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই দিয়া চিঠিত ৰাহুল গান্ধীয়ে অসন্তুষ্টি প্ৰকাশ কৰে ৷

ৰাহুলৰ প্ৰশ্ন যে যিসময়ত ছোনিয়া গান্ধী হস্পিতালত আছিল সেই সময়ত দলৰ নেতৃত্ব পৰিবৰ্তনক লৈ চিঠি কিয় দিয়া হ’ল? গতিকে নেতৃত্বৰ পৰিৱৰ্তনক লৈ দিয়া চিঠিখন বিজেপিৰ লগত বুজাবুজি কৰি লিখা হৈছে ৷ ইয়াৰ পিছতেই দলৰ আভ্যন্তৰীণতে হয় শীতল যুদ্ধ ৷

ৰাহুলৰ মন্তব্যত প্ৰাক্তন মন্ত্ৰী কপিল চিব্বালে “আমি ৰাজস্থান উচ্চ ন্যায়ালয়ত কংগ্ৰেছৰ হৈ ন্যায়ৰ কাৰণে একেলগে থিয় হৈছিলো ৷ বিগত ৩০ বছৰত যিকোনো সময়ত, যিকোনো বিষয়ত বিজেপিৰ পক্ষত গৈ মন্তব্য দিয়া নাই । হ’লেও মোৰ বিজেপিৰ লগত মিলাপ্ৰীতি আছে?কিন্তু অলপ সময়ৰ পিছত কপিল চিব্বালে নিজৰ টুইটাৰৰ পৰা কংগ্ৰেছ শব্দটোক আঁতৰাই দিয়ে । ৰাজ্যসভাৰ বিৰোধী নেতা গুলাম নবী আজাদে কয় “যদি বিজেপিৰ লগত মিলাপ্ৰীতি আছে বুলি ৰাহুল গান্ধীয়ে দিয়া অভিযোগ সচা প্ৰমাণিত হয় মই পদত্যাগ কৰিম ৷”

উল্লেখযোগ্য যে কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দলত মনে মনে থকা নাই বিজেপি ৷ বিজেপিৰ মধ্যপ্ৰদেশৰ মন্ত্ৰী নৰোত্তম মিশ্ৰাই কয় “কংগ্ৰেছৰ বহু যোগ্য প্ৰাৰ্থী আছে ৷ ইয়াৰ ভিতৰত আছে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, ৰেহান বাড্ৰা আৰু মিৰায়া বাড্ৰা ৷ কাৰ্যকৰ্তাসকলে বুজি পাব লাগে যে কংগ্ৰেছ সেই স্কুলখনৰ দৰে যিখনত প্ৰধান শিক্ষকৰ ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ত প্ৰথম স্থান লাভ কৰে।

Exit mobile version