ক’মাত উত্তৰ কোৰিয়াৰ একচেত্ৰী সম্ৰাট কিম জং উন

200421 kim jong un mc 1006 2 d07e7e57a0277fe179eaccd1bc13408f

NORTHKOREA-POLITICS/

উত্তৰ কোৰিয়াৰ ক্ষমতাশালী শাসক কিম জং উনৰ মৃত্যু হোৱা বুলি দাবী কৰিছে এজন সাংবাদিকে ৷ যাৰ কাৰণে তেওঁৰ ভগ্নী কিম ইয়ো জ’ঙক দেশখনৰ ছেকেণ্ড ইন কমাণ্ডৰ পদত নিযুক্তি প্ৰদান কৰি আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ সম্পৰ্ক পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰিছে ৷

আনহাতে দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত কিম ডায়ে জঙৰ ঘনিষ্ঠ সহযোগী সচিব চাং ছং মিনে ছ’চিয়েল মিডিয়াৰ যোগে দাবী কৰিছে যে উত্তৰ কোৰিয়া শাসক অসুস্থ বা ক্ষমতাচ্যুত নহ’লে এইদৰে অন্য কোনো ব্যক্তিৰ হাততে দেশৰ কৰ্তৃত্ব নিদিয়ে ।

আনহাতে ভগ্নী কিমৰ হাতত এনে গুৰুত্বপূৰ্ণ দায়িত্ব দিয়াটোৱে উন শাসন কৰিবলৈ অক্ষম হৈ থকাটোকে বুজায় । লগতে চাং ছং মিনে কয় যে কিমে এতিয়াও ভগ্নীক সম্পূৰ্ণ ক্ষমতা দিয়া নাই ৷ ইপিনে যেতিয়াই কিমৰ ভগ্নীক দক্ষিণ কোৰিয়াৰ শাসনভাৰৰ দায়িত্ব দিয়া হৈছিল, সেই সময়ত কোনো আচৰিত হোৱা নাছিল । কাৰণ সকলোৱে জানিছিল যে ভৱিষ্যতে এইয়াই হ’ব ৷

আনহাতে ভগ্নী কিম ইয় জঙে দলৰ কেন্দ্ৰীয় সমিতিৰ দায়িত্বত আছিল ৷ এক বিশেষ সূত্ৰৰ মত অনুসৰি এপ্ৰিলত উনৰ হাৰ্টৰ অপাৰেচন হৈছিল ৷আৰু তেতিয়াৰ পৰা উন বিভিন্ন ধৰণৰ অসুখত ভোগে ৷ আনহাতে সততে কিম জং উনে ইমানেই গোপনীয়তা অৱলম্বন কৰে যে দেশখনৰ জনগণেও প্ৰকৃত ঘটনাৰ কাৰণ জানিবলৈ সক্ষম নহয় ।

ইপিনে বিগত সপ্তাহ ৰাষ্ট্ৰপতি কিম জং উন এখন দলীয় বৈঠকতো উপস্থিত আছিল । এই বৈঠকখন দেশৰ দুৰ্ভিক্ষ আঁতৰাবলৈ অনুষ্ঠিত কৰিছিল ৷ উল্লেখযোগ্য যে কিম ইয় জং আৰু কিম জং উন একেখন বিদ্যালয়ত পঢ়িছিল । ১৯৮৫ চনত জন্ম গ্ৰহণ কৰা কিম জং উন ভগ্নী কিম ইয়’ জঙতকৈ চাৰি বছৰ চাৰি বছৰ ডাঙৰ ৷

Exit mobile version