মহানগৰী গুৱাহাটীৰ সমীপৱৰ্তী দীপৰ বিলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ দৈনিক বহু লোকৰ সমাগম হয় । বিশেষকৈ আনলক ৩.০ ত প্ৰশাসনে বহু শিথিলতা দিয়াত দিনৰ ভাগত গুৱাহাটীকে ধৰি বিভিন্ন প্ৰান্তৰ লোকৰ দীপৰ বিলত সমাগম হয় । ইয়াৰে একাংশ লোকে সৌন্দৰ্য উপভোগ কৰাৰ লগতে খোৱা বস্তু খোৱাৰ পিছত তাৰ অৱশিষ্ট সমূহ বিলৰ পাৰত পেলাই থৈ যায় ।
তেনেদৰে আন একাংশ লোকে নিজৰ ঘৰৰ পেলনীয়া সামগ্রী বিলৰ পাৰত পেলাই থৈ যোৱাৰ ফলত বিলৰ পাৰটো লেতেৰা হৈ পৰিছে । সেয়েহে বিলৰ কাষৰীয়া চকৰদৌৰ কে’বাজনো উদীয়মান যুৱকে কালিৰ পৰা হাতে হাতে ঝাড়ু, কোৰ আদি লৈ বিলৰ পাৰত চাফাই অভিযান চলায়। যুৱক কেইজনৰ সামাজিক দায়বদ্ধতা দেখুৱাই কৰা উক্ত কাৰ্যক অঞ্চলটোৰ সচেতন মহলে শলাগ হয় ।
আনহাতে চকৰদৌ কলিতাপাৰা ৰাইজ গয়হৰৰ সভাপতি বলেন কলিতা, সম্পাদক প্ৰমোদ কলিতা আৰু দেউচতাল নৱজ্যোতি সংঘৰ সভাপতি বলেশ্বৰ ৰংপীকে ধৰি স্থানীয় দল সংগঠনৰ কৰ্মকর্তা সকলে দীপৰ বিলৰ সৌন্দৰ্য উপভোগ কৰিবলৈ অহা প্ৰতিজন লোককে আদৰণি জনায় । কিন্তু সৌন্দৰ্য উপভোগ কৰাৰ নামত কোনেও যাতে পেলনীয়া সামগ্ৰীৰ অৱশিষ্ট পেলাই বিলখন নষ্ট নকৰিবলৈ আহ্বান জনায়।