বিশ্বত কৰ’নাৰ সংহাৰঃ তাৰ মাজতে ইংলেণ্ডত বিদ্যালয় খোলাৰ প্ৰস্তুতি

051120 ac covid kids feat

ঘৰতকৈ বিদ্যালয়ত কৰ’নাত আক্ৰান্তৰ সম্ভাৱনা অধিক কাৰণেই ইংলেণ্ডত বিদ্যালয়সমূহ পুনৰ খোলাৰ ব্যৱস্থা কৰা হৈছে ৷ ইযাৰ পূৰ্বে ১ জুনৰ পৰা বিদ্যালয়সমূহ পুনৰ খোলা হৈছিল ৷ এইসময়ত পাব্লিক হেল্থ ইংলেণ্ডে বিদ্যালয়সমূহ পুনৰ খোলা আৰু ছাত্ৰ ছাত্ৰীসকল ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ সন্দৰ্ভত ৩১ জুলাইলৈকে এটা সমীক্ষা কৰিছিল । এই সমীক্ষাত ১৯৮ জন লোকৰ শৰীৰত পোৱা গৈছিল কৰ’না ভাইৰাছ । ইয়াৰে ৭০ টি আছিল শিশু আৰু ১২৮ জন বিদ্যালয়ৰ সদস্য ।

ইয়াৰ পৰা প্ৰমাণিত হয় যে প্ৰায় ১ লাখ প্ৰাক-প্ৰাথমিক আৰু প্ৰাথমিক শিশুৰ ভিতৰত কেৱল ৭০টি শিশুহে আক্ৰান্ত হৈছে কৰ’নাত ভাইৰাছত । ইপিনে গৱেষণাটোত প্ৰমাণিত হয় যে যিসকল ছাত্ৰ ছাত্ৰী ঘৰতে কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে তেওঁলোকৰ অভিভাৱকসকলৰ প্ৰায় ভাগেই স্বাস্থ্য বিভাগত কৰ্মৰত ৷ উল্লেখযোগ্য যে কৰ’না ভাইৰাছ শিশুসকলৰ পৰা সংক্ৰমণ নহয় বুলি পোৱা খবৰৰ পিছতে লাভ কৰা তথ্য অনুসৰি শিশুসকলে কৰ’না ভাইৰাছ কিশোৰসকলৰ দৰেই বিয়পাব পাৰে ।

Exit mobile version