মাস্ক পৰিধান কৰিব লাগিব ১২ বছৰতকৈ অধিক বয়সৰ কিশোৰ কিশোৰীয়ে

Women wearing facemasks while walking outdoors Milan Italy February 2020 coronavirus COVID 19

এতিয়াৰে পৰা ১২ বছৰতকৈ অধিক বয়সৰ সকলো কিশোৰ কিশোৰীয়ে মাস্ক পিন্ধাটো বাধ্যতামূলক হ’ব ৷ এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা নতুন নিৰ্দেশনা জাৰি কৰা হৈছে । সংস্থাৰ মুখ্য কাৰ্যালয়ৰ ৱেবচাইটত এই নতুন নিৰ্দেশনাৰ বিষয়ে সবিস্তাৰে প্ৰকাশ কৰা হৈছে ৷ নতুন নিৰ্দেশনা অনুসৰি প্ৰাপ্তবয়স্কসকলৰ দৰেই সংক্ৰমণৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ কিশোৰ কিশোৰীসকলে মাস্ক পিন্ধিব লাগিব ৷

উল্লেখযোগ্য যে ১২ বছৰতকৈ অধিক বয়সৰ সকলোৱে ঘৰৰ পৰা বাহিৰলৈ ওলালেই মাস্ক পিন্ধাটো আৱশ্যক হৈ পৰিল সংস্থাৰ এই নতুন নিৰ্দেশনাৰ পাছত । ৰাজহুৱা স্থানত এক মিটাৰৰ ব্যৱধানৰ ভিতৰত যিকোনো লোক আহিলেই মাস্ক পৰিধান কৰাটো হ’ব বাধ্যতামূলক । আনহাতে সংক্ৰমণৰ অধিক সম্ভাৱনা থকা অঞ্চলত যাতে মুখৰ পৰা মাস্ক সাধাৰণভাৱেও নমাই নথয় তাৰ কাৰণে কঠোৰ সতৰ্ক কৰি দিছে হুৱে ।

অৱশ্যে ছবছৰৰ পৰা ১১ বছৰ শিশুৱে সকলো ক্ষেত্ৰতে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক নহ’ব । এই ক্ষেত্ৰত বহু কেইটা বিষয়ত নিৰ্দেশনা জাৰি কৰা হৈছে । অতি সংক্ৰমণ প্ৰবল অঞ্চল অথবা ভাইৰাছ বিয়পাৰ থকা অঞ্চলতহে এই বয়সৰ শিশুসকলে মাস্ক পৰিধান কৰাটো আৱশ্যক হ’ব ৷ শিশুসকলে মাস্ক পৰিধান কৰোতে অসুবিধা পাইছে নেকি অভিভাৱকসকলেও গুৰুত্ব দিব লাগিব । মহামাৰীৰ সময়ত এইসকল শিশুৰ প্ৰতি সতৰ্কতাৰে ধ্যান ৰখাটো প্ৰয়োজন বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে ইউনিচেফও প্ৰকাশ কৰিছে ।

ইপিনে পাঁচ বছৰতকৈ কম বয়সৰ শিশুসকলৰ সুৰক্ষাৰ বাবে সাধাৰণতে মাস্কৰ প্ৰয়োজন নাই বুলি জনাইছে সংস্থাই ৷ অৱশ্যে প্ৰয়োজন অনুভৱ কৰিলে অভিভাৱকে এই শিশুসকলক মাস্ক পৰিধান কৰোৱাত আপত্তি কৰিব বিচৰা নাই হুৱে । গৱেষণাৰ তথ্য অনুসৰি পাঁচ বছৰতকৈ অধিক বয়সৰ শিশুসকলৰ শৰীৰতহে সংক্ৰমণৰ সম্ভাৱনা অধিক থাকে ৷

যোৱা পাঁচ জুনত হুৱে বয়সৰ কোনো উল্লেখ নকৰাকৈ ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়ত সকলোকে মাস্ক পৰিধান কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল ৷ শিশুসকলৰ ক্ষেত্ৰত পৃথকে কোনো নিৰ্দেশনা জাৰি কৰা হোৱা নাছিল সেই সময়ত ৷

Exit mobile version