৭৩ দিনত উপলব্ধ নহয় কোভিশ্বিল্ডঃ স্পষ্ট কৰিলে চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই

covishield 1598151509

সমগ্ৰ বিশ্বত মহামাৰী কৰ’নাৰ সন্ত্ৰাস ৷ তাৰ মাজতে কোভিশ্বিল্ড ৭৩ দিনত উপলব্ধ হোৱাৰ খবৰত স্বস্তিৰ নিশ্বাস পেলাইছিল দেশবাসীয়ে ৷ কিন্তু শেহতীয়াকৈ এই খবৰক খাৰিজ কৰে চিৰাম ইনষ্টিটিউটত অৱ ইণ্ডিয়াই ৷ লগতে পুনেস্থিত ইনষ্টিটিউটখনে কয় যে সম্প্ৰতি চৰকাৰে আমাক ভেকচিন তৈয়াৰ কৰিবৰ কাৰণে আৰু ভৱিষ্যতে ইয়াক ব্যৱহাৰ কৰিবৰ কাৰণে অনুমতিহে দিছে ৷ ভেকচিন বজাৰলৈ ট্ৰায়েল সম্পূৰ্ণ হোৱাৰ পিছতহে আহিব ৷

আনহাতে শনিবাৰে কোভিশ্বিল্ডৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েল আৰম্ভ হ’ল ৷ আনহাতে দেশত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা । বিগত ২৪ ঘন্টাত দেশত প্ৰায় ৬১ হাজাৰ লোক আক্ৰান্ত হৈছে কৰ’নাত ৷ ইয়াৰ লগে লগে কৰ’নাত আক্ৰান্তৰ সংখ্যা ৩০ লাখ অতিক্ৰম কৰিলে ।আনহাতে কৰ’নাত আক্ৰান্ত হৈ সুস্থ হৈছে ২৩,২৩,১৫২ জন ৷ কৰ’নাত প্ৰতিদিনে বাঢ়ি অহা পৰিসংখ্যা লক্ষ্য কৰিলে সম্প্ৰতি দেশবাসী কৰ’নাৰ ভেকচিন কেতিয়া উদ্ভাৱন হ’ব সেই সন্দৰ্ভত উৎসুক হৈ পৰিছে ।

আনহাতে ৰাছিয়াই কৰ’নাৰ ভেকচিন উদ্ভাৱন কৰি সকলোকে সচকিত কৰি তুলিছে ৷ কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে বিশ্বৰ বিশেষজ্ঞসকলে ৰাছিয়াৰ ভেকচিনক বিশ্বাসত ল’ব পৰা নাই । কিন্তু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ কন্যাৰ শৰীৰত কৰ’নাৰ ভেকচিন প্ৰয়োগ কৰি ভেকচিন ৰাছিয়াৰ ভেকচিন সুৰক্ষিত বুলি দাবী কৰিছে ৷ আনহাতে এই দেশত কৰ’নাৰ পৰীক্ষাত ১৬০০ জন লোকে ভাগ ল’ব ৷ লগতে পৰীক্ষণ কৰা লোকসকলৰ বয়স হ’ব লাগিব ১৮বছৰতকৈ অধিক।

চিৰাম ইনষ্টিটিউটে উন্নত পৰীক্ষাৰ কাৰণে ১৭ টা স্থানক মনোনীত কৰিছে ৷ তাৰ ভিতৰত আছে দিল্লী এইমচ, পুণেৰ বি জে মেডিকেল কলেজ, পাটনাৰ ৰাজেন্দ্ৰ মেমোৰিয়েল ৰিচাৰ্চ ইনষ্টিটিউটত অফ মেডিকেল চাইন্স, চণ্ডীগড়ৰ প’ষ্ট গ্ৰেজুৱেটইনষ্টিটিউট অফ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ, জোধপুৰ এইমচ, গোৰখপুৰৰ নেহেৰু হাস্পতাল, অন্ধ্ৰপ্ৰদেশ কলেজ, বিশাখাপট্টনম আৰু মেচুৰৰ জে এছ এছ একাডেমি অফ হায়াৰ এডুকেশ্যন এণ্ড ৰিচাৰ্চ ৷

বিশেষজ্ঞসকলৰ অধ্যয়ন অনুসৰি ভেকচিন পৰীক্ষণ মানৱ দেহত বিৰতি লৈ কৰা হ’ব । ইয়াৰ পিছত মানৱ দেহত ভেকচিনৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰা হ’ব।

Exit mobile version