আৰোগ্যসকলৰ ৭৫শতাংশৰ শৰীৰত পুনৰ দেখা দিছে কৰ’না উপসৰ্গ

corona

আৰোগ্য লাভৰ প্ৰায় এমাহৰ ভিতৰতেই ৭৫শতাংশ ৰোগীৰ শৰীৰত পুনৰ কৰ’না উপসৰ্গ দেখিবলৈ পোৱা গৈছে । নতুন এক গৱেষণাত এই উদ্বেগজনক তথ্য পোহৰলৈ অহাৰ পাছত এতিয়া অস্বস্তিত পৰিছে বহুতেই ।নতুন গৱেষণা অনুসৰি কৰ’নাই সহজভাৱে আক্ৰান্তৰ শৰীৰ ত্যাগ নকৰে ।ইংলেণ্ডৰ গৱেষকৰ তথ্য অনুসৰি নতুনকৈ উপসৰ্গ দেখা দিয়াসকলৰ শৰীৰত বহু সময়ত তিনিমাহ পৰ্যন্তই স্থায়ী হৈছে ।

ইংলেণ্ডৰ ব্ৰিষ্টলৰ এখন হাস্পতালত এই গৱেষণা চলোৱা হৈছিল । উত্তৰ ব্ৰিষ্টল এন এইছ এছ ন্যাসৰ গৱেষকৰ এই দলটিয়ে পৰ্যবেক্ষণ কৰি দেখিলে যে ১১০ জন আক্ৰান্তৰ ভিতৰত ৮১জনেই সুস্থ হোৱাৰ পাছতো পুনৰ অসুস্থ হৈ পৰে । বহু কৰ’না আক্ৰান্তই জনাইছে যে আৰোগ্য লাভৰ পাছত সামান্যভাৱে কাম-কাজ কৰিবলৈ গ’লেই শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰে ।

বহুজনে আকৌ অতিৰিক্ত দুশ্চিন্তাতো ভুগিছে । তদুপৰি মূৰৰ চুলিও বহুতৰে সৰিবলৈ লৈছে । বিশেষজ্ঞসকলৰ মতে, যিসকলে আৰোগ্য লাভৰ পাছতো এনে উপসৰ্গত ভুগিছে তেনে লোকসকলে তৎকালীনভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।

Exit mobile version