কাৰ্বি আংলংৰ টক’লাংছত অত্যাধুনিক মৰণাস্ত্ৰসহ সন্দেহজনক কুকি উগ্ৰপন্থীৰ মুক্ত বিচৰণ

WhatsApp Image 2020 08 25 at 3.00.33 PM

ক্ৰমাৎ সুস্থিৰ হৈ আহিছিল সন্ত্ৰাসজৰ্জৰ কাৰ্বি আংলং ৷ যুদ্ধবিৰতি আৰু আত্মসমৰ্পণৰ জৰিয়তে মূলসুঁতিত আছিল জিলাখনৰ প্ৰধান উগ্ৰপন্থী সংগঠনকেইটা ৷ আশাৰ ৰেঙণিত শ্যামলিমা কাৰ্বি আংলংলৈ শান্তি ঘূৰি অহাৰ সংকেত যেন লাভ কৰিছিল সকলোৱে ৷ শেহতীয়াকৈ জিলাখনৰ বহু ভিতৰুৱা অঞ্চলত আৱিস্কাৰ হৈছিল কে’বাটাও জলপ্ৰপাতত, য’ত পূৰ্বতে মানুহ যাবই নোৱাৰিছিল । হয়তো দূৰ্গম পথ অথবা উগ্ৰপন্থীৰ ঘাটিৰ বাবে ৷ কিন্তু শেহতীয়াকৈ সেই স্থানসমূহলৈ পথ নিৰ্মাণ হোৱাৰ লগে লগে প্ৰকৃতিৰ নয়নাভিৰাম দৃশ্য উপভোগৰ বাবে পৰ্যটকৰ লগতে বিভিন্ন লোকৰ আগমন ঘটিছিল ৷

কিন্তু দেওবাৰে সংঘটিত এক ঘটনাই এতিয়া সচকিত কৰি তুলিছে সকলোকে ৷ বোকাজান মহকুমাৰ টক’লাংছ নামৰ এটা জলপ্ৰপাত দৰ্শনৰ বাবে সেইদিনা সমবেত হৈছিল কে’বা শতাধিক লোক ৷ দৰ্শনকাৰীৰ আনন্দ উল্লাসৰ মাজতেই হঠাতে পাহাৰৰ দিশৰ পৰা নামি আহিল প্ৰায় পাঁছ ছয়জনীয়া সামৰিক পোছাক পৰিহিত এটি দল ৷ সকলোৰে হাতত এ.কে চিৰিজৰ অত্যাধুনিক মাৰণাস্ত্ৰ ৷ জলপ্ৰপাতটোৰ কাষৰ পথেৰেই সম্পূৰ্ণ সামৰিক কায়দাৰে কোনো স্থানলৈ গৈছে তেওঁলোক ৷

ভীতিগ্ৰস্ত হৈ পৰা দৰ্শনাৰ্থী সকলে ততালিকে সেই স্থান ত্যাগ কৰিলে যদিও দলটোৱে দৰ্শনাৰ্থী সকলক কোনো অসুবিধা নিদিয়াকৈ গৈ থাকিল ৷ বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে দলটোৰ সদস্য সকল কুকি উগ্ৰপন্থী সংগঠন ইউ পি আৰ এফৰ ৷ উল্লেখযোগ্য যে এই পৰ্যটনস্থলীৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ বহু লোক ইয়াৰ আলমতে অৰ্থনৈতিক ভাবে স্বাৱলম্বী হৈ উঠিছিল যদিও দেওবাৰৰ ঘটনাই এতিয়া সকলোকে চিন্তিত কৰি তুলিছে ৷

Exit mobile version