কৰ’না সংক্ৰমণ যথেষ্ট হ্ৰাস পাব ধৰিছে বিশ্বৰ এই পাঁচ খন দেশত

Coronavirus

সমগ্ৰ বিশ্বতেই মহামাৰী ৰূপ ধাৰণ কৰিছে কৰ’না ভাইৰাছে । কৰ’না ভাইৰাছৰ ফলত বিশ্বত প্ৰতিদিনেই মৃত্যু হৈছে লক্ষাধিক লোকৰ । বিশ্বৰ আগশাৰীৰ দেশ ইটালী, আমেৰিকা, ফ্ৰান্সত আদি দেশত কভিড-১৯ ৰ ফলত মৃত্যু হৈছিল লক্ষাধিক লোকৰ । কিন্তু বৰ্তমান এই দেশ কেইখনত এক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি হ্ৰাস পাইছে কৰ’না সংক্ৰমণ ।

আমেৰিকা, ৰাছিয়া, দক্ষিণ আফ্ৰিকা, চৌদি আৰব আৰু পাকিস্তানত হ্ৰাস পাব ধৰিছে ক’ভিড -১৯ত আক্ৰান্তৰ সংখ্যা । এই সন্দৰ্ভত বিজ্ঞানী সকলে কৰা এক বিশ্লেষণ এই তথ্য প্ৰকাশ পাইছে । অধিকাংশ দেশতে মাস্ক পিন্ধাটো বাধ্যতামূলক । বাৰ, জিম, চিনেমা হ’ল বন্ধ ৰখা হৈছে ফলত সংক্ৰমণৰ হাৰ কম হৈছে । আমেৰিকা যুক্তৰাষ্ট্ৰত জুন-জুলাই মাহত ব্যাপক হাৰত বৃদ্ধি পাইছিল ক’ভিড -১৯ সংক্ৰমণ ।

দেশখনত ২২জুলাইত আক্ৰান্তৰ সংখ্যা ৬৮,৬৩৪ আছিল কিন্তু পিছৰ সপ্তাহত এই সংক্ৰমণ ৪৩,৮৪৭ লৈ হ্রাস পায় । দক্ষিণ আফ্ৰিকাতো বিশ্বৰ পঞ্চম সৰ্বাধিক সংক্ৰমণ দেশ হিচাপে পৰিগণিত হৈছিল । এই দেশখনটো কৰ’না সংক্ৰমণ ব্যাপক পৰিমাণে হ্ৰাস পাইছে । পৰ্যটনকেন্দ্ৰ হিচাপে পৰিগণিত কেপটাউনতো জুলাই মাহত নতুন কৈ আক্ৰান্ত হোৱাৰ সংখ্যা হ্ৰাস পাইছে । পাকিস্তানতো জুন মাহত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা বাঢ়িছিল ।

কিন্ত বৰ্তমান দেশখনত হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা । আনহাতে, চৌদি আৰৱত এই আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে গড়ে ১২০০ জনলৈ হ্ৰাস পাইছে ।এই সন্দৰ্ভত চৌদি স্বাস্থ্যমন্ত্ৰীয়ে জনাইছে যে দেশখনত নাগৰিকৰ স্বাস্থ্য সচেতনতাৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰা হৈছে লগতে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । বিমান সেৱা, ৰেল সেৱা সকলো স্থানতে কৰ’না সংক্ৰমণ ৰোধৰ বাবে উচিত পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Exit mobile version