মুছলপুৰত হাগ্ৰামা : অক্টোবৰত বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনা

78D5nL0J

অক্টোবৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা থকা বিটিচি নিৰ্বাচনৰ ইতিমধ্যে প্ৰচাৰ চলাই থকা হৈছে । বিটিচিত পুনৰ বিপিএফৰ নেতৃত্বতে যে চৰকাৰ গঠন হ’ব সেয়া নিশ্চিত । বাক্সাৰ বনগাঁওত আজি ককলাবাৰী সমষ্টিৰ এখন নিৰ্বাচনী সভাত অংশ লৈ এনেদৰে কয় বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে। লগতে তেওঁ কয় যে, বিটিচি চৰকাৰ গঠনৰ বাবে ইউ পি পি এল দলে কৰা জল্পনা কল্পনা কেতিয়াও সফল নহয়। ইউ পি পি এল কেৱল বড়োসকলৰহে দল ।

ইপিনে, ইউ পি পি এল দলে বৰ্তমান চাকৰি কৰি থকা একাংশৰ চাকৰিৰ বৈধতা সন্দৰ্ভত আপত্তি কৰা আৰু পৰিবহণ বিভাগৰ কে’বাজনো চাকৰিয়ালৰ চাকৰি খাৰিজ কৰা সন্দৰ্ভত কয় যে, বৰ্তমান ইউ পি পি এল দলে যি কৰে কৰি থাকক আমাৰ চৰকাৰ হোৱা পাছত আমি তেওঁলোকক পুনৰ চাকৰি দিম। প্ৰমোদ বড়োক এবচুৰ নেতা বুলি কৈ তেওঁৰ দলক কোনেও ভোট নিদিয়ে বুলি উল্লেখ কৰে। ছাপাগুৰি সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ সভাত উপস্থিত থাকে বিটিচিৰ প্ৰাক্তন ই এম বসুমতাৰী, বনমালী বড়ো, ককলাবাৰী সমষ্টিৰ প্ৰাৰ্থী ধীৰেন বড়োকে ধৰি বহুকেইজন সদস্য ।

Exit mobile version