অৱশেষত পিঞ্জৰাবদ্ধ হ’ল নৰখাদক নাহৰফুটুকী বাঘ

WhatsApp Image 2020 08 26 at 4.35.47 PM

মালিগাঁৱৰ আদিংগিৰিত যোৱা নিশা পিঞ্জৰাবদ্ধ হ’ল নৰখাদক নাহৰফুটুকী বাঘ । বন বিভাগে ছাগলীক টোপ হিচাপে দি পতা পিঞ্জৰাত প্ৰকাণ্ড নাহৰফুটুকী বাঘ এটা আৱদ্ধ হয় । উল্লেখ্য যে, যোৱা ২১ আগষ্টত উক্ত স্থানত এটা নাহৰফুটুকী বাঘে শিৱম কুমাৰ নামৰ এটি ছবছৰীয়া শিশুক আক্ৰমণ কৰি নিহত কৰিছিল ।

ইয়াৰ পিছতে যোৱা ২২ আগষ্টত উক্ত স্থানত বন বিভাগে পিঞ্জৰা পাতি বাঘটো পিঞ্জৰাবদ্ধ কৰাৰ চেষ্টা অব্যাহত ৰাখিছিল । বন বিভাগৰ লোকে বাঘটোৰ গতিবিধিও নিৰীক্ষণ কৰি আছিল। যোৱা ২৩ আৰু ২৪ আগষ্টত অঞ্চলটোৰ পথ-উপপথত নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণ চিচি টিভি কেমেৰাত বন্দী হোৱাত স্থানীয় লোকসকল যথেষ্ট শংকিত হৈ পৰিছিল । কালি নিশা প্ৰায় ৮.৩০ মান বজাত পিঞ্জৰা পতা স্থানত স্থানীয় লোকে বাঘৰ গোজৰণি শুনা পায় ।

স্থানীয় লোকে টৰ্চ লাইটৰ সহায়ত পিঞ্জৰা থকা স্থানলৈ গৈ চোৱাত প্ৰকাণ্ড বাঘটো পিঞ্জৰাবদ্ধ হৈ থকা প্ৰত্যক্ষ কৰে । স্থানীয় লোকে লগে-লগে জালুকবাৰী আৰক্ষীক খবৰ দিয়ে । ইয়াৰ পিছতে নিশা প্ৰায় ১০.৩০ মান বজাত গুৱাহাটী আঞ্চলিক বন বিষয়া পংকজ কলিতাৰ নেতৃত্বত এটা বন বিভাগৰ দল উক্ত স্থানত উপস্থিত হোৱাৰ লগতে এই সন্দৰ্ভত ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষক অৱগত কৰে ।

অৱশেষত বন বিভাগ আৰু স্থানীয় লোকৰ সহযোগত ৰাজ্যিক চিৰিয়াখানাৰ পৰা অহা এটি বনকর্মীৰ দলে বাঘটো ট্রেঙ্কুলাইজ নকৰাকৈয়ে নিশা প্ৰায় ১২.৩০ বজাত ৰাজ্যিক চিৰিয়াখানালৈ লৈ যাবলৈ সক্ষম হয় ।

Exit mobile version