ওদালগুৰিত ‌এবছু সভাপতি দ্বিপেন বড়োৰ সংবাদমেল

IMG 20200826 WA0023 01

চুক্তি স্বাক্ষৰকাৰীয়ে চুক্তি মূল্যহীন আখ্যা দিয়া দলত যোগদান কৰাটো প্ৰশ্নৰ বিষয়

বিগত সোমবাৰে প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ওদালগুৰিত উপস্থিত হৈ বিটিআৰ চুক্তিক মূল্যহীন আখ্যা দিছিল । লগতে চুক্তিখন ৰূপায়ণ হ’লে বড়ো জাতিটো ধ্বংস হৈ যাব বুলিও মন্তব্য প্ৰকাশ কৰিছিল মহিলাৰীয়ে । হাগ্ৰামাৰ এই মন্তব্যৰ বিৰোধিতা কৰি আজি এক সংবাদমেলৰ সম্বোধন কৰে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বিপেন বড়োৱে ।

সংবাদমেলত বড়োৱে কয় যে এবছু হৈছে বড়ো জাতিৰ এক সামাজিক-ছাত্ৰ সংগঠন । এবছুৰ এটা দীঘলীয়া ইতিহাস আছে । কিন্তু হাগ্ৰামাই এবছু মানে ইউপিপিএল বুলি কৈ জাতীয় সংগঠনটোৰ ওপৰত এক ৰাজনীতিৰ ৰহণ সানিব বিচাৰিছে । ইয়াক আমি ধিক্কাৰ প্ৰদান কৰি আগন্তুক দিনত যাতে এনে মন্তব্য নকৰে তাক আমি সকীয়াই দিছো ।

ইউপিপিএল হৈছে কে’বাটাও দল-সংগঠনৰ সমষ্টি । যাৰ লক্ষ্য হৈছে ৰাজনৈতিকভাৱে সুস্থিৰ বাতাবৰণ সৃষ্টি কৰা । আগন্তুক বিটিচি নিৰ্বাচনত ইউপিপিএলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে যদিও এবছুৱে দলটোক সমৰ্থনহে জনাইছে । এবছুৱে নিজাকৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই । এবছুৰ মূল লক্ষ্য হৈছে বিটিআৰ চুক্তি স্বাক্ষৰৰ লগতে অঞ্চলটো শৈক্ষিক দিশত আগবঢ়াই নিয়া ।

বিটিআৰ চুক্তিখন ৰূপায়ন হ’লেহে বিটিচি অঞ্চলত স্থায়ীভাৱে শান্তি ঘূৰি আহিব‌। যিহেতু ইউপিপিএলে বিটিআৰ চুক্তি ৰূপায়নক মূল লক্ষ্য হিচাপে লৈ আগবাঢ়িছে, গতিকে আমি তেওঁলোকক সমৰ্থন আগবঢ়াইছো । কিন্তু হাগ্ৰামাই হতাশাত ভুগিয়েই ইউপিপিএল মানে এবছু বুলি মন্তব্য প্ৰকাশ কৰিছে ।

বিটিচি অঞ্চলত বিপিএফ দলটোৱে নিজৰ শাসন ব্যৱস্থা বৃদ্ধি কৰিব নোৱাৰি তথা বিষয়টোৰ সন্দৰ্ভত আদালতৰ ন্যায়ৰ ক্ষেত্ৰত মুখ থেকেচা খাই হাগ্ৰামাই বৰ্তমান হতাশাত ভুগি অনাহতক বকিবলৈ ধৰিছে । অনাগত নিৰ্বাচনত হাগ্ৰামা বাহিনীৰ কোনো ধৰণৰ উন্নয়ণৰ ইচ্ছ্যু নোহোৱা হেতুকে তেওঁলোকে এনেদৰে প্ৰলাপ বকি নিৰ্বাচনী বৈতৰণী পাৰ কৰিব বিচাৰিছে । ইফালে বিটিআৰ চুক্তিখনক হাগ্ৰামাই মূল্যহীন আখ্যা দিয়া সন্দৰ্ভত এবছু নেতাগৰাকীয়ে মত ব্যক্ত কৰি কয় যে চুক্তিখন স্বাক্ষৰৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগতে হাগ্ৰামা মহিলাৰীয়ে প্ৰত্যক্ষদৰ্শী হিচাপে উপস্থিত আছিল ।

চুক্তি স্বাক্ষৰ হোৱাৰ পাছত চুক্তিখন অতি উচ্চমানৰ তথা চুক্তিখন ৰূপায়ন হ’লে পূৰ্ণাংগ অধিকাৰ পোৱাৰ কথা হাগ্ৰামাই দিল্লীতে স্বীকাৰ কৰিছিল যদিও আজি চুক্তিখনক লৈ বিপৰীত স্থিতি গ্ৰহণ কৰিলে হাগ্ৰামাই । বিগত দিনবোৰত হাগ্ৰামাৰ ব্যৰ্থতাৰ বাবেই বিটিচিত বড়ো-অবড়ো বিভাজন হৈছে । সংবাদমেলখনত বড়োৱে মিজোৰামৰ পাছত দ্বিতীয় শান্তিৰ ঠাই বিটিআৰখন হ’বলৈ গৈ আছে বুলিও উল্লেখ কৰে ।

চুক্তিখনৰ দ্বাৰা বিটিআৰ অঞ্চলত কে’বাখনো উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান নিৰ্মাণ হ’ব‌ । কিন্তু চুক্তিখনৰ সন্দৰ্ভত হাগ্ৰামাই সাম্প্ৰদায়িক মন্তব্য কৰি প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক অপমান কৰিছে । বিপিএফ দলটো দুৰ্নীতিত লিপ্ত হৈ থকাৰ বাবে ৰাইজে এইবাৰ পৰিবৰ্তন বিচাৰিছে । যাৰ বাবে অপপ্ৰচাৰ চলাই নিৰ্বাচনত জয়ী হ’ব বিচাৰিছে। গতিকে হাগ্ৰামাৰ এনে মন্তব্যসমূহৰ আজিৰ তাৰিখত কোনো যুক্তিযুক্ততা নাই । বিগত দিনবোৰত হাগ্ৰামাই কেৱল অপশাসন চলাই আহিছে ।

ইফালে অঞ্জলি দৈমাৰী আৰু আন আন চুক্তি স্বাক্ষৰকাৰীসকলে চুক্তিখন মূল্যহীন বুলি কোৱা দল বিপিএফত যোগদান কৰা বিষয়টো ৰাইজে কি ধৰণে লয়, সেয়া আগন্তুক দিনত দেখা যাব। কিন্তু তেনে লোকসকলে বিপিএফত যোগদান কৰাৰ পাছত তেওঁলোকে বিটিআৰ চুক্তিখন গণ্য কৰিছেনে নাই সেয়া ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে । আজি ওদালগুৰি জিলা এবছু কাৰ্যালয়ত অনুষ্ঠিত এই সংবাদমেলত কেন্দ্ৰীয় সমিতিৰ কে’বাগৰাকী বিষয়ববীয়া উপস্থিত থাকে ।

Exit mobile version