পানীৰ মাজত তিমিমাছৰ চমৎকাৰী প্ৰদৰ্শন : চাওঁক ভিডিঅ’টি

WhatsApp Image 2020 08 26 at 12.22.11 PM

দেওবাৰে কানাডাত এগৰাকী পিতৃ আৰু তেওঁৰ কন্যাই তিমিমাছৰ চমৎকাৰী প্ৰদৰ্শন দেখি আচৰিত হোৱা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ হৈছে । চিবিচি নিউজৰ সূত্ৰ অনুসৰি সীন ৰছেল আৰু তেওঁৰ ১০ বছৰীয়া কন্যাই স’তে নিউফাউণ্ডলেণ্ডৰ কনচেপচ’ন বে’ত মাছ মাৰি থকা অৱস্থাত হঠাৎ দুটা তিমিমাছ তেওঁলোকৰ নাঁৱৰ ওচৰত প্ৰত্যক্ষ কৰে ।

ৰছেলে কয় যে, হঠাৎ তেওঁলোকৰ নাঁৱৰ ওচৰত প্ৰত্যক্ষ কৰা তিমি দুটাই লাহে লাহে আচৰণৰ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিছিল। আমাৰ চিন্তা হৈছিল যে আমাৰ কিবা ক্ষতি হ’ব নেকি? নাওঁ ডুবি যাব বুলি ভয় হৈছিল। কিন্তু বৃহৎ তিমি দুটা আমাৰ নাওঁখনৰ ওচৰতে কোনো অনিষ্ট নকৰাকৈ আছিল। সমগ্ৰ দৃশ্য তেঁও নিজৰ কেমেৰাত বন্দী কৰি ৰাখিছিল।

ভাইৰেল হোৱা ভিডিঅ’টোত তিমিদুটাই পানীৰ মাজত চমৎকাৰী ৰূপত ষ্টাণ্ট মাৰি এফালৰ পৰা সিফালে ঘূৰি ফুৰা দেখিবলৈ পোৱা গৈছে । আৰু এই দৃশ্য দেখি দেউতাকৰ লগতে জীয়েকও আচৰিত হোৱা প্ৰতিক্ৰিয়া মন কৰিবলগীয়া ।

ভিডিঅ’টি প্ৰথমে আইছ হকী টীম নিউফাউলেণ্ড গ্ৰ’লাৰে টুইটাৰযোগে প্ৰথমে শ্বেয়াৰ কৰে আৰু পুনৰ টুইট কৰে আমেৰিকান বাস্কেটবল খেলুৱৈ ৰেক্স চেপমেনে। দুদিন পূৰ্বে অনলাইনত শ্বেয়াৰ কৰাৰ পাছত ভিডিঅ’টি ২০ লাখে লোকে প্রত্যক্ষ কৰাৰ উপৰিও হেজাৰৰো অধিকে পুনৰ টুইট কৰিছে ।

Exit mobile version