‘মই নিজেই এজন ইঞ্জিনীয়াৰ’ : JEE আৰু NEET ৰ পৰীক্ষা বাতিলৰ দাবী বলিউদৰ অভিনেতা চনু সুদৰ

Sonu Sood 1200 5

JEE আৰু NEET ৰ পৰীক্ষা বাতিলৰ বাবে অনুৰোধ জনাই বলিউদৰ অভিনেতা চনু সুদে কয় যে, আমি সেইসকল ছাত্ৰ-ছাত্ৰীক এই সময়ছোৱাত পৰীক্ষা দিবৰ বাবে বাধ্য কৰাব নোৱাৰো । আমি তেওঁলোকক সমৰ্থন কৰা উচিত। দেশৰ প্ৰায় ২৬ লাখ ছাত্ৰ-ছাত্ৰী এই পৰীক্ষাত অৱতীৰ্ণ হ’ব । তলাবন্ধত আবদ্ধ দেশ বিদেশৰ বহু প্ৰবজিত শ্ৰমিকক নিজ গৃহলৈ অহাত সহায় কৰি জনপ্ৰিয় হৈ পৰিছিল বলিউদৰ অভিনেতা চনু সুদ। নিজৰ মহানুভৱতাৰ পৰিচয় দি বৰ্তমানো বহু দৰিদ্ৰ লোকক সাহাৰ্য প্ৰদানত ব্যস্ত ৰিয়েল হিৰ’ চনু সুদ।

বৰ্তমান কৰ’না মহামাৰীৰ ত্ৰাসৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰণালয়ে অহা ছেপ্টেম্বৰত অনুষ্ঠিত কৰিবলৈ লোৱা JEE আৰু NEET ৰ পৰীক্ষা বাতিলৰ বাবে আহ্বান জনাই এক সাক্ষাৎকাৰ অনুষ্ঠানত চনু সুদে কয় যে, এই পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া বহু সংখ্যক ছাত্ৰ-ছাত্ৰী বিহাৰৰ । য’ত প্ৰায় ১৩-১৪ খন জিলা বানত আক্ৰান্ত হৈছে । তেওঁলোকে কেনেকৈ এনে পৰিস্থিতিত পৰীক্ষাত অৱতীৰ্ণ হ’ব ? টকা-পইচাৰ বাহিৰেও তেওঁলোক থাকিবলৈ ঠাইৰ অভাৱ । আমি তেওঁলোকক এনে পৰিস্থিতিত পৰীক্ষা দিবলৈ বাধ্য কৰাব নোৱাৰো । ছাত্ৰ-ছাত্ৰী সকলে মানসিকভাৱে প্ৰস্তুত হৈহে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। এই পৰীক্ষাসমূহ নৱেম্বৰ অথবা ডিচেম্বৰলৈকে স্থগিত কৰা উচিত।”

উল্লেখ্য যে, সম্প্ৰতি কৰ’না মহামাৰী আৰু বানৰ সমস্যাৰ বাবে অসম, বিহাৰ, গুজৰাট, কেৰেলা, কৰ্ণাটক আদিৰ ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষা পিছুৱাবলৈ দাবী কৰিছে।

Exit mobile version