মুছলপুৰত নিৰ্বাচনী সভাত হিংসা

Hagramapramod boro

বিটিচি নিৰ্বাচনৰ নিৰ্বাচনী সভা চলি থাকোতে আজি বিয়লি দুটা ৰাজনৈতিক দলৰ মাজত নিৰ্বাচনী হিংসা সংঘটিত হয় ৷বি পি এফ আৰু ইউ পি পি এল দলৰ মাজত সংঘটিত হয় এই হিংসা ৷ প্ৰাপ্ত বাতৰি মতে ২৪ নং মুছলপুৰ সমষ্টিৰ অন্তৰ্গত শিলাকুটি প্ৰাইমাৰীৰ ভাওৰাবাৰীত আজি বিয়লি ইউ পি পি এল দলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই নিৰ্বাচনী প্ৰচাৰ সভাত ব্যস্ত আছিল৷

তেনেতে হাতত লাঠি লোৱা কেইজনমান যুৱকে সভাৰ সন্মুখলৈ আহি গাৰ কাপোৰ খুলি” ইউ পি পি এল গো বেক”,ৰাকেশ ব্ৰহ্ম গ’ বেক,বি পি এফ জিন্দাবাদ, আদি ধ্বনি দি এক উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে ৷তেতিয়া স্থানীয় ৰাইজে যুৱককেইজনক উভতি ধৰে আৰু তৰ্কা তৰ্কিৰ মাজতে প্ৰহাৰ কৰে৷উপায়বিহীন হৈ যুৱক কেইজনে পথাৰৰ মাজে মাজে দৌৰে ৷

ঘটনাস্থলীৰ পৰা আৰক্ষীক অৱগত কৰা হয় যদিও আৰক্ষীয়ে বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে ৷ঘটনা সন্দৰ্ভত প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই সাংবাদিকক কয় যে সভা চলি থকা অৱস্থাত উদ্ভাণ্ডালি কৰিব অহা যুৱক কেইজন বিপিএফ দলৰ ৷ মুছলপুৰ সমষ্টিত ইউ পি পি এল দলৰ উত্থানত শংকিত হৈ বিপিএফৰ একাংশ যুৱকে এনেদৰে অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি কৰিছে ৷কিন্তু বিপিএফৰ এনে গুণ্ডাগিৰী সহ্য কৰা নহ’ব ৷আৰক্ষী প্ৰশাসনে তৎকালে কাৰ্যকৰী ব্যৱস্থা লওঁক ৷

Exit mobile version