সমাগত NEET আৰু JEE পৰীক্ষা

Ramesh Pokhriyal IANS

এইবাৰ JEE আৰু NEET ৰ সন্দৰ্ভত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালৰ প্ৰতিক্ৰিয়া

অৱশেষত NEET আৰু JEE পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালে মত ব্যক্ত কৰে ৷ শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালে কয় যে অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ সন্দৰ্ভত চিন্তিত হৈ আছে ৷ JEE পৰীক্ষাৰ কাৰণে ৮০ শতাংশ ছাত্ৰ ছাত্ৰীয়ে প্ৰথমতেই এডমিট কাৰ্ড ডাউনলোড কৰিছে ৷

পোখৰিয়ালে ডি ডি নিউজৰ এটা সাক্ষাৎকাৰত কয় যে পৰীক্ষাৰ্থীসকলৰ পিতৃ মাতৃয়ে একেৰাহে JEE আৰু NEET পৰীক্ষাত কিয় মঞ্জুৰী দিয়া নাই সেই সন্দৰ্ভত প্ৰশ্ন কৰি আছে ৷ পৰীক্ষাৰ্থীসকলো নিজৰ ভৱিষ্যতক লৈ বহু চিন্তিত ৷ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে লগতে কয় “JEE ৰ কাৰণে ৰেজিষ্টাৰ কৰা ৮.৫৮ লাখ শিক্ষাৰ্থীৰ ভিতৰত ৭.২৫ লাখ পৰীক্ষাৰ্থীয়ে এডমিট কাৰ্ড ডাউনলোড কৰিছে ৷ আমি ছাত্ৰ ছাত্ৰীসকলৰ লগতে আছো ৷ তেওঁলোকৰ সুৰক্ষাৰ পিছতে শিক্ষা।”

আনহাতে বিদ্যালয় খোলাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী পোখৰিয়ালে কয় যে এই সিদ্ধান্ত গৃহ আৰু স্বাস্থ্য মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি হ’ব । ইপিনে দিল্লীৰ শিক্ষামন্ত্ৰী মনীষ ছিচোদিয়াই কয় “কেন্দ্ৰীয় চৰকাৰে NEET আৰু JEE পৰীক্ষা বাতিল কৰিব লাগে ৷ চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বিকল্প ব্যৱস্থা ল’ব লাগে ৷ বিশ্বৰ পৰীক্ষাৰ সকলো পদ্ধতি সলনি হৈছে । পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ১০০০ টা পথ আছে ।

আনহাতে NEET পৰীক্ষাৰ আজি এডমিট কাৰ্ড দি থকা হৈছে । NSUI য়ে NEET আৰু JEE পৰীক্ষাক বাতিল কৰিবলৈ প্ৰতিবাদ কৰিছে । তেওঁলোকৰ মতে কৰ’না মহামাৰীৰ সময়ত এইয়া সঠিক সিদ্ধান্ত নহয় । নেশ্যনেল টেষ্টিং এজেন্সী JEE আৰু NEET পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি কৰিছে ৷ JEE মেইন ১-৬ ছেপ্তেম্বৰত হোৱাৰ বিপৰীতে NEET ১৩ ছেপ্তেম্বৰত হ’ব। পৰীক্ষাত সকলো পৰীক্ষাৰ্থী, ফেকাল্টী সকলোৱে সামাজিক দূৰত্ব মানি চলিব লাগিব । পৰীক্ষা গৃহত সোমোৱাৰ আগত শৰীৰৰ উত্তাপ জুখিব লাগিব। কাৰোৱাৰ জ্বৰ হ’লে পৃথক কোঠাত বহুওৱা হ’ব।

উল্লেখযোগ্য যে উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও কৰ’না ভাইৰাছৰ সময়ত NEET আৰু JEE পৰীক্ষা বাতিল কৰিবলৈ আহ্বান কৰে ৷ তেওঁলোকৰ মতে এইয়া চৰকাৰৰ সঠিক সিদ্ধান্ত নহয় ।

Exit mobile version