সুখবৰঃ ভাৰতত আৰম্ভ হ’ল অক্সফ’ৰ্ডৰ কৰ’না ভেকচিনৰ ট্ৰায়েল

coronavaccine

পুণেস্থিত চিৰাম ইনষ্টিটিউটত অফ ইণ্ডিয়া আৰু অক্সফ’ৰ্ড ইউনিভাৰ্চিটিৰ দ্বাৰা যুটীয়াভাৱে তৈয়াৰ কৰা কৰ’না ভেকচিনৰ মানব দেহৰ ওপৰত আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ ট্ৰায়েল আৰম্ভ কৰিছে । এক বিশেষ সূত্ৰৰ মত অনুসৰি কোভিশ্বিল্ডৰ সুৰক্ষা আৰু প্ৰতিৰোধ ক্ষমতা তদন্ত কৰিবৰ কাৰণে সকলো প্ৰকাৰৰ প্ৰস্তুতি কৰা হৈছে। লগতে এই ভেকচিন পুণেস্থিত ভাৰতী বিদ্যাপীঠ চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ৰ স্বাস্থ্যকৰ্মীৰ শৰীৰৰ ওপৰত কৰা হ’ব। এই ভেকচিন সীমিত উপাৰ্জন কৰা দেশসমূহৰ কাৰণে উপলব্ধ হ’ব ৷

PTI ৰ মতে কৰ’নাৰ এন্টিবডি টেষ্টত তিনিজন লোকৰ দেহৰ কৰ’নাৰ উপস্থিতি ধৰা পৰে ৷যাৰ কাৰণে তেওঁলোক কৰ’নাৰ ভাইৰাছ ভেকচিন পৰীক্ষণৰ কাৰণে উপযুক্ত নহয় ৷অৱশ্যে পিছত দুজন লোকৰ শৰীৰত কৰ’নাৰ ভেকচিন দিয়া হয় ।

চিৰাম ইনষ্টিটিউটে দেশৰ ১৭ খন ৰাজ্যত অক্সফ’ৰ্ড ইউনিভাৰ্চিটিৰ ভেকচিন পৰীক্ষণ কাম আৰম্ভ কৰিছে। আনহাতে কৰ’নাত প্ৰতিদিনে বাঢ়ি অহা পৰিসংখ্যা লক্ষ্য কৰিলে সম্প্ৰতি দেশবাসী কৰ’নাৰ ভেকচিন কেতিয়া উদ্ভাৱন হ’ব সেই সন্দৰ্ভত উৎসুক হৈ পৰিছে। আনহাতে ৰাছিয়াই কৰ’নাৰ ভেকচিন উদ্ভাৱন কৰি সকলোকে সচকিত কৰি তুলিছে ৷

কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে বিশ্বৰ বিশেষজ্ঞসকলে ৰাছিয়াৰ ভেকচিনক বিশ্বাসত ল’ব পৰা নাই। কিন্তু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ কন্যাৰ শৰীৰত কৰ’নাৰ ভেকচিন প্ৰয়োগ কৰি ভেকচিন ৰাছিয়াৰ ভেকচিন সুৰক্ষিত বুলি দাবী কৰিছে৷ আনহাতে দেশত কৰ’নাৰ পৰীক্ষাত ১৬০০ জন লোকে ভাগ ল’ব ৷

লগতে পৰীক্ষণ কৰা লোকসকলৰ বয়স হ’ব লাগিব ১৮বছৰতকৈ অধিক। চিৰাম ইনষ্টিটিউটে উন্নত পৰীক্ষাৰ কাৰণে ১৭ টা স্থানক মনোনীত কৰিছে ৷তাৰ ভিতৰত আছে দিল্লী এইমচ,পুণেৰ বি জে মেডিকেল কলেজ,পাটনাৰ ৰাজেন্দ্ৰ মেমোৰিয়েল ৰিচাৰ্চ ইনষ্টিটিউটত অফ মেডিকেল চাইন্স,চণ্ডীগড়ৰ প’ষ্ট গ্ৰেজুৱেটইনষ্টিটিউট অফ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ,জোধপুৰ এইমচ,গোৰখপুৰৰ নেহেৰু হাস্পতাল,অন্ধ্ৰপ্ৰদেশ কলেজ,বিশাখাপট্টনম আৰু মেচুৰৰ জে এছ এছ একাডেমি অফ হায়াৰ এডুকেশ্যন এণ্ড ৰিচাৰ্চ ৷বিশেষজ্ঞসকলৰ অধ্যয়ন অনুসৰি ভেকচিন পৰীক্ষণ মানৱ দেহত বিৰতি লৈ কৰা হ’ব। ইয়াৰ পিছত মানৱ দেহত ভেকচিনৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰা হ’ব।

Exit mobile version