কংগ্ৰেছ এই আই ইউ ডি এফৰ মিত্ৰতা-আছুৰ প্ৰস্তাৱিত দলৰ প্ৰভাৱক লৈ চৰ্চা

Screenshot 11 1

অসম বিধানসভাৰ সমাগত নিৰ্বাচনৰ পূৰ্বে দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ লক্ষ্যৰে তৎপৰ হৈছে শাসকীয় বিজেপি ৷ প্ৰাক নিৰ্বাচনী মিত্ৰতাৰ বাবে ৰাজ্যৰ প্ৰধান বিৰোধী শক্তি কংগ্ৰেছৰ প্ৰস্তাৱৰ প্ৰতি বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ সমৰ্থন আৰু সদৌ অসম ছাত্ৰ সন্থা তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নতুন ৰাজনৈতিক দল গঠনৰ বাবে অব্যাহত থকা কুজকাৱাজক কেন্দ্ৰ কৰি শাসকীয় দলটোৱে আৰম্ভ কৰিছে এক ব্যাপক তৎপৰতা ।

এই তৎপৰতাৰে অংশৰূপে ৰাজ্যত উপস্থিত হৈ ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী ক’ৰ কমিটীকে ধৰি অন্যান্য মৰ্চা তথা দীঘলীয়া নেতৃত্বৰে মিলিত হৈ বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ। অসম বিধানসভাৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ আভ্যন্তৰত বৃদ্ধি পাইছে নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা । এই তৎপৰতাৰ অংশ ৰূপে ইতিমধ্যে প্ৰাক নিৰ্বাচনী মিত্ৰতাৰ বাবে কংগ্ৰেছে আগবাঢ়োৱা প্ৰস্তাৱৰ প্ৰতি সমৰ্থন আগবঢ়াইছে এ আই ইউ ডি এফে ৷

এই সকলোবোৰ ৰণকৌশল বুজ লোৱাৰ বাবে গুৱাহাটীত উপস্থিত হৈ ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী ক’ৰ কমিটীৰ বৈঠকত মিলিত হয় দলৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক সন্তোষ । ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত অংশগ্ৰহণৰ পূৰ্বে ৰাষ্ট্ৰীয় নেতাজন মুখ্যমন্ত্ৰীৰ আন এক ৰুদ্ধদ্বাৰ বৈঠকতো মিলিত হয় বুলি সূত্ৰটোৱে জনায় ।

ইপিনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অধ্যক্ষাত অনুষ্ঠিত ক’ৰ কমিটী বৈঠকত ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাস,ড° হিমন্ত বিশ্ব শৰ্মা,বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাংসদ দিলীপ শইকীয়া, ৰাজদ্বীপ ৰায়, বিজেপি উত্তৰ পূবৰ সাংগঠনিক সম্পাদক অজয় জয়ছোৱাল, ৰাজেন গোহাঁই, ৰমেন ডেকা, বিজয়া চক্ৰৱৰ্তী, ৰাজ্যিক বিজেপিৰ উপ সভাপতি বিজয় গুপ্তা আদি উপস্থিত থাকে । আনহাতে আজিও দিনৰ ভাগত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰে আন এক বৈঠকত ৰাষ্ট্ৰীয় নেতাজন মিলিত হ’ব বুলি সূত্ৰটোৱে অৱগত কৰে ।

Exit mobile version