চাওঁ আহক কেইটামান গুৰুত্বপূৰ্ণ খবৰ

15pak protest2

PTI2_15_2019_000155B

JEE-NEET পৰীক্ষা আয়োজন কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে ২৮ আগষ্টত দেশজুৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কংগ্রেছে প্ৰতিবাদ সাব্যস্ত কৰিব ৷ লগতে কংগ্ৰেছে ছ’চিয়েল মিডিয়াতো হেজটেগ স্পিক আপ ফৰ ষ্টুডেন্টছ ছেফটী অভিযান চলাব ৷

কোৰোনা মহামাৰীৰ মাজতে ৰাজ্যত পুনৰ ৰন্ধন গেছৰ ছিলিণ্ডাৰ নাটনি হোৱাৰ পূৰ্ণ সম্ভৱনাই দেখা দিছে ৷উত্তৰ গুৱাহাটীৰ লগতে বঙাইগাও ৰন্ধন গেছ প্ৰকল্প, মিৰ্জা ৰন্ধন গেছ প্ৰকল্প, গোপানাৰী ৰন্ধন গেছ প্ৰকল্প, তিনিচুকীয়া ৰন্ধন গেছ প্ৰকল্প, দুলিয়াজান ৰন্ধন গেছ প্ৰকল্পৰ লগতে আন বহু ৰন্ধন গেছ প্ৰকল্প বন্ধ থাকিব।

আমেৰিকা এজন কৃষ্ণাংগ লোকক গুলীওৱা ঘটনাৰ বিৰোধিতাৰে জাপানৰ মহিলা টেনিছ খেলুৱৈ নাওমী অছাকাইডব্লিউ টি এ ছেমি ফাইনেল নেখেলাৰ সিদ্ধান্ত লৈছে। আমেৰিকাৰ কেনোছা আৰক্ষীয়ে যোৱা দেওবাৰৰ সন্ধিয়া কৃষ্ণাংগ জেকব ব্লেকক নামৰ ব্যক্তি গৰাকীক গুলীয়াই ।

আমেৰিকা আৰু চীনৰ মাজত চলি থকা উত্তেজনাৰ মাজতে আমেৰিকাই ২৪ টা চীনৰ কোম্পানীৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰে। লগতে চীনে কোম্পানীৰ বিষয়ববীয়াসকলৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতা আৰোপ কৰিছে।

ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ল কণ্ঠশিল্পী অৰ্চনা মহন্তৰ ৷ আজি নৱগ্ৰহত শেষকৃত সম্পন্ন কৰা হ’ল সদ্যপ্ৰয়াত কন্ঠশিল্পীগৰাকীৰ।উল্লেখযোগ্য যে শিল্পী গৰাকীক বহু সংখ্যক বিশিষ্ট লোক আহি নিগাজীপামস্থিত বাসগৃহত শ্ৰদ্ধাঞ্জলী জনায়।

অনাগত তিনিবছৰৰ কাৰণ অগপৰ সভাপতি ৰূপে পুনৰ নিৰ্বাচিত হ’ল অতুল বৰা ৷কাৰ্যবাহী সভাপতি ৰূপে থাকিব কেশৱ মহন্ত।সাধাৰণ সম্পাদক পদত থাকিব মনোজ শইকীয়া আৰু সাংগঠনিক সম্পাদকৰ দায়িত্বত থাকিব সত্যব্ৰত কলিতা।

টিকটকৰ মুখ্য কাৰ্যবাহী বিষয়া কেভিন মেয়ৰে চাকৰিৰ পৰা ইস্তাফা দিছে।চাৰিমাহ পূৰ্বে কেভিন মেয়ৰক টিকটকৰ চিইঅ’ পদত নিযুক্তি দিয়া হৈছিল। উল্লেখযোগ্য যে বিগত সময়ত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে স্পষ্ট কৰি দিছিল যে কোম্পানীটোৱে আমেৰিকাৰ টিকটক ব্যৱসায় বিক্ৰী কৰক নহ’লে এপটো নিষিদ্ধ কৰা হ’ব।

পুলৱামাত আক্ৰমণত ব্যয় হৈছিল ৫লাখ ৭০ হাজাৰ টকা ৷NIAৰ চাৰ্জশ্বীটত ফাদিল হোৱা অনুসৰি সন্ত্ৰাসবাদীয়ে ১.৮৫ টকাৰে ইক’ কাৰ ক্ৰয় কৰিছিল।২.২৫ লাখ টকা আই ই ডি তৈয়াৰ কৰিবলৈ ব্যৱহৃত সকলো ধৰণৰ বিস্ফোৰক সামগ্ৰী ক্ৰয় কৰোতে ব্যয় হৈছিল। উল্লেখ্য যে পুলৱামা আক্ৰমণত ৪০ জন ভাৰতীয় সেনা শ্বহীদ হৈছিল ৷

Exit mobile version