চিৰাঙত আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰ উদ্ধাৰ বিজনীৰ উত্তৰপাৰাৰ হাবিত পুতি থোৱা অস্ত্ৰ উদ্ধাৰ

WhatsApp Image 2020 08 27 at 1.28.00 PM

চিৰাঙৰ বিজনীৰ উত্তৰ পাৰাত হাবিত পুতি থোৱা অস্ত্ৰ উদ্ধাৰ হয় । চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে জনায় যে আৰক্ষীৰ চোৰাংচোৱা সূত্ৰৰ পৰা পোৱা তথ‍্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাইছিল জিলাখনৰ বিজনী থানাৰ অন্তৰ্গত লাডাংগুৰি-সুবাইঝাৰ গঢ়কপ্তানি পথৰ পশ্চিম ফালে উত্তৰপাৰা গাঁওৰ হাবিত । কে’বাঠাইত অভিযান চলোৱাৰ পিচত পলিথিনেৰে পুতি থোৱা অৱস্থাত মাৰণাস্ত্ৰ উদ্ধাৰ কৰে ।

চিৰাং জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত চলোৱা অভিযানত বিজনী মহকুমা আৰক্ষী বিষয়া, বিজনী থানাৰ আৰক্ষীয়ে আজি পুৱা চলাইছিল এই অভিযান । অভিযানত একে ৪৭ ৰাইফল দুটা, তিনিটা মেগজিন, একে চিৰিজৰ সজিৱ গুলি ১৬৭ টা, ৫.৫৬ সজিৱ গুলি ৭ টা ‌উদ্ধাৰ কৰে । এই বিষয়ে বিজনী থানাত ৯০৬ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰা বুলি জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য‍্যালয়ত আজি দুপৰীয়া ১১.৩০ বজাত আয়োজিত এক সংবাদ মেলত প্ৰকাশ কৰে আৰক্ষী অধীক্ষক সুধাকৰ সিঙে ।

বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত এয়া পঞ্চম বাৰ মাৰণাস্ত্ৰ উদ্ধাৰৰ ঘটনা চিৰাঙত। যোৱা ২৩ আগষ্টতো চিৰাঙত উদ্ধাৰ হৈছিল মাৰণাস্ত্ৰ । আৰক্ষীয়ে ধাৰাবাহিক ভাৱে মাৰণাস্ত্ৰ উদ্ধাৰ কৰা ঘটনাই ইয়াকে প্ৰমাণ কৰে যে বিভিন্ন দল সংগঠনে অভিযোগ কৰাৰ দৰে যে বিটিএএডিত অবৈধ মাৰণাস্ত্ৰ এতিয়াও মজুত আছে । ইপিনে বিটিচিৰ চাৰিওখন জিলাত ধাৰাবাহিক ভাৱে উদ্ধাৰ হোৱা মাৰণাস্ত্ৰই এতিয়া সকলোকে স্তম্ভিত কৰি তুলিছে ।

Exit mobile version