চীনা ব্ৰেণ্ডৰ ম’বাইল ফোনত আছে ভয়াবহ ‘মেলৱেৰ’, ব্যৱহাৰকাৰীৰ ডেটা-ধন কৰিছে চুৰি

realme homescreen

ভাৰতৰ বজাৰত চীনত তৈয়াৰী বিভিন্ন ম’বাইল ফোন বহুলভাৱে প্ৰচলিত হৈ আহিছে । তুলনামূলকভাৱে কম দামত অধিক সা-সুবিধাযুক্ত হোৱা হেতুকে চীনা ব্ৰেণ্ডৰ ম’বাইল ফোনে ভাৰতীয় ম’বাইল ব্যৱহাৰকাৰীৰ ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে । ভাৰতীয় বজাৰত জাওমি, ৰিয়েলমিৰ দৰে চীনা ব্ৰেণ্ডৰ ম’বাইলৰ প্রচলন সম্প্ৰতি সৰ্বাধিক হৈছে । কিন্তু এক প্ৰতিবেদনৰ তথ্য অনুসৰি চীনা ব্ৰেণ্ডৰ স্মাৰ্টফোনসমূহত ইয়াৰ প্ৰস্তুতকাৰক কোম্পানীয়ে বিভিন্ন ‘মেলৱেৰ’ প্ৰি ইনষ্টল কৰি ৰখাৰ ফলত এনে ম’বাইল ব্যৱহাৰ কৰা লোকসকল নিৰাপত্তাৰ দিশৰ পৰা ভাবুকিৰ সন্মুখীন হৈছে ।

এইদৰে ম’বাইলত ‘মেলৱেৰ’ প্ৰি ইনষ্টল কৰি চীনা ম’বাইল কোম্পানীয়ে ম’বাইল ব্যৱহাৰকাৰীৰ ডেটা আৰু ধন চুৰি কৰিবলৈ ধৰিছে বুলি উক্ত প্ৰতিবেদনত প্ৰকাশ । শেহতীয়াভাৱে টেকন’ ব্ৰেণ্ডৰ চীনা ম’বাইলৰ বিৰুদ্ধে নিৰাপত্তাৰ দিশত প্ৰশ্ন উত্থাপন হৈছে । ম’বাইল চিকিউৰিটি প্ৰতিষ্ঠান চিকিউৰ ডি আৰু বাজফিডে চলোৱা এক অনুসন্ধানত প্ৰকাশ পোৱা তথ্য অনুসৰি টেকন’ ডব্লিউ-২ ব্ৰেণ্ডৰ স্মাৰ্টফোনত এক্সহেল্পাৰ আৰু ত্ৰিয়াডা নামেৰে দুটা মেলৱেৰ সন্ধান লাভ কৰা হৈছে ।

ইয়াৰ জৰিয়তে ম’বাইলত যিকোনো এপ ডাউনলোড আৰু ইনষ্টল কৰিব পাৰি। এই মেলৱেৰ দুটাই ম’বাইল ব্যৱহাৰকাৰীৰ ইণ্টাৰনেট ডাটা অধিক ব্যয় কৰাৰ লগতে ম’বাইল সেৱাৰ ব্যয় অধিক কৰিব পাৰে । এই তথ্য পোহৰলৈ অহাত চীনা ব্ৰেণ্ডৰ ম’বাইল ফোনৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতীয় ক্ৰেতাসকলক সতৰ্ক হ’বলৈ চিকিউৰ-ডি আৰু বাজফিডে পৰামৰ্শ দিছে ।

Exit mobile version