মহৰমৰ শোভাযাত্ৰা উলিওৱাত প্ৰতিবন্ধকতা উচ্চতম ন্যায়ালয়ৰ

muharram

সমগ্ৰ বিশ্বতে কৰ’না মহামাৰীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে ।মহামাৰীয়ে মানুহৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলোৱাৰ সমান্তৰালকৈ উৎসৱ পাৰ্ৱনতো প্ৰভাৱ পেলাইছে। উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ বৃহস্পতিবাৰে ক’ভিড ১৯ ৰ সন্ত্ৰাসৰ প্ৰতি লক্ষ্য কৰি সমগ্ৰ দেশত মহৰমৰ শোভাযাত্ৰা উলিওৱাত প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷

মুখ্য ন্যায়াধীশ এচ এ বোবডে আৰু ন্যায়মূৰ্তি এ এচ বোপন্না আৰু ভি ৰামাসুব্ৰমণিয়ামৰ বিচাৰ পীঠে কয় ” এই সন্দৰ্ভত অলপো নীতি নিৰ্দেশনাৰ অনুমতি দিব নোৱাৰি ৷কাৰণ এই সমগ্ৰ বিষয়টো পুৰী বা জৈন মন্দিৰতকৈ সম্পূৰ্ণ পৃথক।

বিচাৰ পীঠে লগতে কয় ” শোভাযাত্ৰাৰ ক্ষেত্ৰত নীতি নিয়ম শিথিল কৰাটো উচিত নহ’ব ৷কাৰণ অলপ শিথিলতাই পৰিস্থিতি ভয়াৱহ কৰি তুলিব পাৰে ৷ আৰু জনসাধাৰণৰ মাজত কৰ’নাই ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে।

ইফালে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষই ৰথযাত্ৰাৰ লগত তুলনা কৰিছিল যদিও বিচাৰ পীঠে কয় যে ৰথ যাত্ৰা এক বিশেষ ঠাইত হৈছিল। ৰথ যাত্ৰা এক বিশেষ ঠাইৰ পৰা অন্য এখন ঠাইলৈ গৈছিল। যদি কোনো নিদিষ্ট ঠাই হ’লহেঁতেন তেন্তে মহৰম শোভাযাত্ৰা উলিওৱাৰ কাৰণে আদেশ দিব পাৰিলেহেঁতেন ।ঠিক তেনেদৰে মুম্বাইৰ জৈন মন্দিৰৰ পূজাও প্ৰাৰ্থনালৈকেহে সীমাবদ্ধ আছিল ৷

উল্লেখযোগ্য যে ,২৫ আগষ্টত উচ্চতম ন্যায়ালয়ে কৰ’না মহামাৰীৰৰ মাজতে সীমিত নীতি নিয়মেৰে মহৰমৰ শোভাযাত্ৰা উলিওৱাৰ প্ৰসংগত শুনানি দিছিল ।

Exit mobile version