হাজোৰ ৰাজীৱ ভৱন লণ্ড ভণ্ড:ইতিহাস হ’ল ৰাজীৱ ভৱন

4076congress

সদ্য পদত্যাগী কংগ্ৰেছ নেতা দুলু আহমেদে নিজা ধনেৰে নিৰ্মাণ কৰি দিয়া হাজো ব্লক কংগ্ৰেছৰ মূখ্য কাৰ্যালয় ‘ৰাজীৱ ভৱন’ আজি লণ্ড ভণ্ড কৰে হাজোৰ একাংশ ক্ষোভিত কংগ্ৰেছ কৰ্মীয়ে। দুলু আহমেদৰ বিশ্বস্ত সহযোগী হিছাপে পৰিচিত হাজো ব্লক কংগ্ৰেছৰ সভাপতি পদৰ আসনৰ পৰা জীতেন্দ্ৰ ভৰালীক অপসাৰণ কৰি ৰুবুল আলীক হাজো ব্লক কংগ্ৰেছৰ সভাপতি পদত অসম প্ৰদেশ কংগ্ৰেছে অধিষ্ঠিত কৰাত জাঙুৰ খাই উঠিছে হাজোৰ গৰিষ্ঠ সাংখ্যক কংগ্ৰেছ কৰ্মী তথা সমৰ্থক। যাৰ ফলশ্ৰুতিত হাজোৰ ‘ৰাজীৱ ভৱন’ আজিৰে পৰা হৈ পৰিল কেৱল ইতিহাস।

উল্লেখ্য যে,নেতৃত্বৰ প্ৰতি তীব্ৰ ক্ষোভ উজাৰি এক প্ৰকাৰ কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হোৱা বিগত বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দুলু আহমেদে পৰাজিত হিয়া স্বত্বেও থমকি নৰৈ অতি নিষ্ঠাৰে হাজোত দলীয় কাম-কাজ চলাই গৈছিল।বিভিন্ন জন হিতকৰ কাম-কাজেৰে হাজোৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত সোমাই পৰা দুলু আহমেদে আগন্তুক বিধান সভা নিৰ্বাচনত দলীয় টিকট পালেই নিশ্চিত ভাৱে জয়ৰ সোৱাদ পাব বুলিয়েই খোদ শাসকীয় দলৰ নেতা-কৰ্মীয়েও ভাবিবলৈ লৈছিল।

তেনে সময়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু কংগ্ৰেছী নেতা ৰকিবুল হুছেইনৰ সৈতে আৰম্ভ হোৱা সংঘাতৰ পৰিণতিত অন্যায়মূলকভাবে দলৰ পৰা নিলম্বিত হ’বলগীয়াত পৰে দুলু আহমেদ। অৱশ্যে বিগত ১৩ মাহে দলৰ পৰা নিলম্বন হৈ থাকিও দুলু আহমেদে হাজো সমষ্টি জুৰি অতি নিষ্ঠাৰে সাংগঠনিক কাম-কাজ চলাই নি কংগ্ৰেছ দলৰ ভেটি মজবুত কৰিছিল। কিন্তু এক এৰাব নোৱাৰা পৰিস্থিতিত দুলু আহমেদে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাৰ পাছতেই অভিভাৱক হীন হৈ পৰে হাজোৰ কংগ্ৰেছী শিবিৰ।

ইয়াৰ পাছতে এক নিৰ্দেশনা যোগে দুলু আহমেদৰ বিশ্বস্ত সহযোগী হাজো ব্লক কংগ্ৰেছৰ সভাপতি জীতেন্দ্ৰ ভৰালীক অপসাৰণকৰি ৰুবুল আলীক হাজো ব্লক কংগ্ৰেছৰ সভাপতি পদত অসম প্ৰদেশ কংগ্ৰেছে অধিষ্ঠিত কৰাত জাঙুৰ খাই উঠে গৰিষ্ঠ সংখ্যক কংগ্ৰেছ নেতা-কৰ্মী।তাৰেই পৰিপ্ৰেক্ষিতত আজি দুপৰীয়া ক্ষুব্ধ একাংশ কংগ্ৰেছ কৰ্মী হাজোৰ বৰুৱাবাৰীস্থিত ৰাজীৱ ভৱনত সমবেত হৈ এফালৰ পৰা ৰাজীৱ ভৱনৰ কংগ্ৰেছী হাৰ্ডিঙ- বেনাৰ -পোষ্টাৰ ফালি-ছিঙি লণ্ড-ভণ্ড কৰাৰ লগতে দুলু আহমেদৰ দৰে নেতাক পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, কংগ্ৰেছী নেতা ৰকিবুল হুছেইনৰ প্ৰতিকৃতি দাহ কৰি মূর্দাবাদ ধ্বনিৰ পৰিবেশ উত্তাল কৰি তোলে।ক্ষুব্ধ কৰ্মীসকলে ৰাজীৱ ভৱনৰ মূল প্ৰৱেশ দ্বাৰত তলা লগাই দিয়ে।

কেৱল সিমানেই নহয়,হাজো ব্লক কংগ্ৰেছ সভাপতি জীতেন্দ্ৰ ভৰালী,হাজো ব্লক মহিলা কংগ্ৰেছ পুতুলী মহন্ত সহ অন্যান্য ভাতৃপ্ৰতিম কেবাটাও সংগঠনৰ ভালেমান নেতা -কৰ্মীয়ে সমূহীয়া পদত্যাগৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ প্ৰতি মনৰ ক্ষোভ উজাৰে।

Exit mobile version