২০২১ত বিৰাট কোহলী আৰু অনুস্কা শৰ্মাৰ ঘৰলৈ নতুন সদস্যৰ আগমণঃ উৎসুক অনুৰাগী

WhatsApp Image 2020 08 27 at 2.40.19 PM

অনাগত বৰ্ষৰ জানুৱাৰীত পিতৃ মাতৃ হ’ব ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু অভিনেত্ৰী অনুস্কা শৰ্মা। এই কথা আজি অনুস্কা আৰু বিৰাটে টুইটাৰ যোগে প্ৰকাশ কৰিছে। টুইটাৰত বিৰাট অনুস্কা দুয়ো একেলগে এখন ফ’টো শ্বেয়াৰ কৰি লিখিছে “And then, we were three, Arriving Jan2021” ৷

ADVERTISEMENT

উল্লেখযোগ্য যে ২০১৭ ত বিৰাট কোহলী আৰু অনুস্কা শৰ্মা বিবাহ পাশত আৱদ্ধ হৈছিল ৷ সম্প্ৰতি বিৰাট কোহলী আছে ডুবাইত ৷ আৰু অনুস্কা আছে মুম্বাইত ৷ বিৰাট ১৩ সংখ্যক ইণ্ডিয়ান প্ৰীমিয়াৰ লীগত অংশ ল’বলৈ ডুবাইলৈ গৈছে । আনহাতে ৰয়েল চেলেঞ্জ বেংগালুৰুৰ টীমে অধিনায়ক বিৰাট কোহলীক শুভেচ্ছা জ্ঞাপন কৰিছে ৷ RCB য়ে লিখিছে “বিৰাট কোহলী আৰু অনুস্কা শৰ্মাৰ ঘৰলৈ আহিব লগীয়া নতুন সদস্যলৈ শুভকামনা । আমি বহুত উৎসাহী” ৷

ইপিনে কোহলীৰ টুইটটো কিছু সময়ৰ পিছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে । ক্ৰিকেট আৰু বলীউডৰ বহু চেলিব্ৰিটিয়েই বিৰাট অনুস্কাক শুভেচ্ছা জ্ঞাপন কৰে । শেহতীয়াকৈ ভাৰতীয় দলৰ অন্য এজন ষ্টাৰ হাৰ্দিক পাণ্ডিয়াও পিতৃ হয় ৷ আৰু তেতিয়াই বিৰাট-অনুস্কাৰ কথা চৰ্চালৈ আহে।

Exit mobile version