নীট-জেইই পিছুৱাই নিদিবলৈ মোদীলৈ পত্ৰ প্ৰেৰণ

modi 1

কৰ’না পৰিস্থিতিৰ বাবে নীট আৰু জেইই পিছুৱাই দিয়াৰ দাবী উত্থাপন কৰিছে বিৰোধী সকলে। এই সন্দৰ্ভত দেশৰ শিক্ষাৰ্থী তথা অভিভাৱকেও দাবী জনাইছে। কিন্তু চিকিৎসা আৰু আভিযন্ত্ৰীক শিক্ষাৰ প্ৰৱেশিকা পৰীক্ষা নিৰ্দিষ্ট সময়তে অনুষ্ঠিত কৰিবলৈ আহ্বান জনালে দেশৰ ডেৰ শতাধিক শিক্ষাবিদে।

ADVERTISEMENT

সমগ্র বিষয়টো ৰাজনীতিকৰণৰ অভিযোগ তুলি এই প্ৰৱেশিকা পৰীক্ষা পিছুৱাই নিদিয়াৰ আবেদন জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিলে এইসকল শিক্ষাবিদে। নীট আৰু জেইই পুনৰ পিছুৱাই দিলে শিক্ষাৰ্থীৰ বিৰাট ক্ষতি হ’ব বুলিয়েই তেওঁ মত প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদীলৈ প্ৰেৰণ কৰা পত্ৰত দেশ বিদেশৰ বিভিন্ন বিশ্ববিদ্যালয়ত কৰ্মৰত শিক্ষাবিদসকলৰ অভিযোগ, ‘ৰাজনৈতিক অভিপ্ৰায় পূৰণৰ বাবে শিক্ষাৰ্থীসকলৰ ভৱিষ্যতক লৈ সৰু ল’ৰা-ছোৱালীৰ খেলা আৰম্ভ হৈছে। ছাত্ৰ আৰু যুৱ সমাজ দেশৰ ভৱিষ্যত । কিন্তু ক’ভিড-১৯ অতিমাৰীৰ আঘাতত তেওঁলোকৰ কেৰিয়াৰত অনিশ্চয়তাৰ মেঘ জমা হৈছে । এই পৰিস্থিতিত ভৰ্তি আৰু পাঠদান সংক্রান্তীয় যি অনিশ্চয়তাসমূহ আছে, সেয়া দ্ৰুতগতিৰে দূৰ কৰা প্ৰয়োজন।’

উল্লেখ্য যে, পহিলা ছেপ্টেম্বৰৰ নীট আৰু জেইই পৰীক্ষা গ্ৰহণৰ বাবে নেচনেল এজেঞ্চি টেষ্টিংৰ তৰফৰ পৰা প্ৰস্তুতি আৰম্ভ কৰাৰ কথা সদৰী কৰিছে। কেন্দ্ৰই পৰীক্ষা হ’লেও ইয়াৰ আয়োজনৰ ব্যৱস্থা কৰিব লাগিব ৰাজ্যসমূহে। কৰ’না পৰিস্থিতিৰ বাবে পৰীক্ষাসমূহ পিছুৱাই দিয়াৰ দাবী কৰি আহিছে অধিকাংশ বিৰোধী শাসিত ৰাজ্যই। কিন্তু উচ্চতম ন্যায়ালয়ৰ অভিমতৰ কথা উল্লেখ কৰি কেন্দ্ৰই এতিয়াও সেই দাবী মানি লোৱা নাই ।

অন্যহাতে বুধবাৰে কংগ্ৰেছ সভানেত্রী ছোনিয়া গান্ধী, পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীসহ বিৰোধী নেতা নেত্ৰী সকলে এক ভাৰ্চুৱেল বৈঠকত নীট আৰু জেইই পৰীক্ষা পিছুৱাই দিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন জনোৱাৰ সিদ্ধান্ত লয় ।

কিন্তু বিৰোধীয়ে আদালতৰ মজিয়াত উপস্থিত হোৱাৰ পূৰ্বেই দিল্লী আই আই টি, বিএছইউ, জে এন ইউৰ দৰে দেশৰ প্ৰথম শাৰীৰ শিক্ষানুষ্ঠান তথা লণ্ডন, কেলিফৰ্ণিয়া, জেৰুজালেম আদি নানা বিদেশী বিশ্ববিদ্যালয়ত কৰ্মৰত ভাৰতীয় শিক্ষাবিদসকলৰ এই পত্ৰই পৰীক্ষা বিতৰ্কক নতুন মাত্ৰা প্ৰদান কৰিলে।

Exit mobile version