বলিউদৰ তাৰকাৰ পাৰ্টিত চলে অবাধ মাদক দ্ৰব্য : কংগনাও হৈছিল বলি

kangana ranaut in spotted kangana ranaut wrap up party of upcoming movie manikarnika bollywood hungama 2018

বলিউদৰ তাৰকাৰ নৈশ পাৰ্টিৰ সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিলে অভিনেত্ৰী কংগনা ৰানাউতে। টুইট কৰি বলিউদৰ হাই প্ৰফাইল পাৰ্টিৰ আঁৰৰ কাহিনী সদৰী কৰি কংগনাই কয় যে বলিউদৰ এনেবোৰ নৈশ পাৰ্টিত বিভিন্ন ধৰণৰ নিচাযুক্ত সামগ্ৰীৰ বিপুল ব্যৱহাৰ হৈ আহিছে ।

বলিউডৰ পাৰ্টিত কোনো নিচা সেৱন বাদ নপৰে বুলি টুইট কৰি অভিনেত্ৰীগৰাকীয়ে কয়, ‘মই তেতিয়া নাবালিকা আছিলো আৰু ৰক্ষকেই ভক্ষক হৈ মোক পানীয়ত মাদক দ্ৰব্য মিহলাই দিছিল, যাতে মই আৰক্ষীৰ কাষলৈ সহায়ৰ বাবে যাব নোৱাৰো । পাছত যেতিয়া মই সফলতা লাভ কৰি বিখ্যাত নৈশ পাৰ্টিসমূহত প্ৰৱেশ কৰাৰ সুযোগ পাইছিলো তেতিয়া মই অবাক হৈছিলো। নিচা সেৱন, লাম্পট্য আৰু দুস্কৃতিকাৰীৰ এনেবোৰ পাৰ্টি আছিল মুক্তাঞ্চল।

চলচ্চিত্ৰৰ উদ্যোগত সবাতোকৈ জনপ্ৰিয় মাদক হৈছে ক’কেইন। প্ৰায়বোৰ পাৰ্টিতে ইয়াৰ ব্যৱহাৰ হৈ আহিছে। এই মাদক দ্ৰব্য যথেষ্ট দামী, কিন্তু আপুনি হাইপ্ৰফাইল ব্যক্তিৰ পাৰ্টিলৈ গ’লে ক’কেইন বিনামূল্যে লাভ কৰিব। আপোনাৰ অজানিতে পানীয়ৰ সৈতে এমডিএমএ ক্ৰিষ্টেল মিহলাই দিয়া হ’ব ।”

কংগনাই লগতে কয় যে, বলিউদৰ পাৰ্টিত চলি অহা ড্ৰাগছৰ অবাধ ব্যৱহাৰৰ সন্দৰ্ভত তেওঁ প্ৰয়োজন হ’লে মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰ’ক সবিশেষ তথ্য যোগান ধৰিবলৈ প্ৰস্তুত আছে। উল্লেখ্য যে অভিনেতা সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীয়ে ড্ৰাগছ গোপনে পৰিৱেশন কৰিছিল বুলি অভিযোগ উত্থাপিত হোৱাৰ পাছতে কংগনাই বলিউডত ড্ৰাগছ ব্যৱহাৰৰ সন্দৰ্ভত ব্যক্তিগত অভিজ্ঞতাৰে টুইটাৰত এই তথ্য প্ৰকাশ কৰে।

Exit mobile version