বিপিএফৰ এম চি এল এ ফনীন্দ্ৰ বসুমতাৰীৰ বিস্ফোৰক মন্তব্য

Untitled 1 151

‘নিৰ্বাচনৰ পিছত সাংসদ নৱ শৰণীয়া আৰু প্ৰমোদ বড়োৱে যোগ দিব বিজেপি দলত। সাহস আছে যদি প্ৰমোদ বড়োৱে বিধানসভা নিৰ্বাচনত বৰমা সমষ্টিত প্ৰতিদ্বন্দিতা কৰক’, এই মন্তব্য প্ৰাক্তন এম চি এল এ ফনীন্দ্ৰ বসুমতাৰীৰ । বাগানপাৰা সমষ্টিৰ অন্তৰ্গত জোপাদঙত অনুষ্ঠিত এখন সভাত প্ৰাক্তন এমচিএলএ তথা বিপিএফৰ প্রাৰ্থী গৰাকীয়ে কয় যে, গণ সুৰক্ষা পাৰ্টী আৰু ইউ পি পি এলৰ মাজত গোপন বুজাবুজি আছে । দুয়োটা দলে ভিতৰি ভিতৰি বুজাবুজি কৰিয়েই প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ।

লগতে কয় যে, এবছুৰ সভাপতি হৈ থাকোতে প্ৰমোদ বড়োৰ এটা ফোন কলতেই হাজাৰ হাজাৰ মানুহ ওলাই আহিছিল । গতিকে, ৰাজনীতিত আহিলে আগৰ দৰে বড়ো ৰাইজ তেওঁৰ লগত থাকিব বুলি ভাবিয়েই ৰাজনীতিত ভৰি দিছে । তেওঁৰ সপোন বাস্তৱত পৰিণত নহ’ব বুলি কৈ প্ৰমোদ বড়োক কটাক্ষ কৰে বিপিএফৰ প্রাৰ্থীজনে।

Exit mobile version