মহন্তৰ মুখথেকেচা : ৰক্ষা অগপ

118139958 1250575358634748 4965667963697207241 n

‘ন সাজেৰে ন ৰূপত অগপক গঢ় দি বিধনসভাৰ অগপ নিৰ্বাচনত দলীয় আসনৰ সংখ্যা বৃদ্ধিয়েই এই মুহূৰ্তত আমাৰ লক্ষ্য। তাৰ বাবে সকলো ধৰণৰ প্ৰত্যহ্বান নেওচি আগুৱাই যোৱাৰ বাবে সংকল্পবদ্ধ হৈছে দলৰ প্ৰতিজন নেতা-কর্মী ।’ এই মন্তব্য অগপৰ নৱ নিৰ্বাচিত সভাপতি অতুল বৰাৰ ।

সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই কালি অনুষ্ঠিত দলৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ অধিৱেশনত বিনা প্ৰতিদ্বন্দিতাৰে পুনৰ অগপ সভাপতি পদত নিৰ্বাচিত হোৱাৰ পাছত বৰাই পুনৰ কয় , ‘দলীয় সংবিধানৰ আধাৰত অনুষ্ঠিত কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সকলো স্তৰৰ নেতা-কৰ্মীয়ে আমাৰ ওপৰত আস্থা প্ৰকাশ কৰি পুনৰ দলৰ গুৰুদায়িত্ব অৰ্পণ কৰিলে। দলৰ প্রতিজন নেতা-কৰ্মীৰ এই আস্থাক সাৰোগত কৰি অগপক ন সাজেৰে নতুন ৰূপত গঢ় দিয়াৰ চেষ্টা কৰিম। বিধানসভাৰ মজিয়াত আসনৰ সংখ্যা বৃদ্ধি কৰাটোৱেই এই মুহূৰ্তত আমাৰ মূল লক্ষ্য। বৰ্তমানে অগপৰ দখলত থকা আসনৰ সংখ্যা ১৪ ৰ পৰা আৰু অধিক আসন বৃদ্ধিৰ স্বাৰ্থত দলৰ প্ৰতিজন নেতা আৰু কৰ্মীয়ে সকলো প্ৰত্যহ্বান নেওচি আগুৱাবলৈ সংকল্পবদ্ধ হৈছে।

তাৰ বাবে সকলো স্তৰৰ নেতা-কৰ্মীয়ে দুগুণ উৎসাহেৰে আগুৱাই অহা বুলি উল্লেখ কৰি নৱনিৰ্বাচিত সভাপতিজনে কয় যে, দলত মতানৈক্য থাকিব পাৰে, কিন্তু বিসম্বাদ নাই। সেয়ে ছাত্র পৰিষদ গঠনৰ পাছৰে পৰা অধিক সংখ্যক ছাত্ৰ অগপত চামিল হৈছে। যুৱ প্ৰজন্মৰ অংশগ্ৰহণে দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰে বুলি তেওঁ উল্লেখ কৰে । কংগ্ৰেছ- এ আই ইউ ডি এফৰ মিত্ৰতাই অগপকহে লাভান্বিত কৰিব বুলি উল্লেখ কৰে ।

ইপিনে দলৰ কেন্দ্ৰীয় পৰিষদৰ বৈঠক সংবিধানৰ গণ্ডীৰ ভিতৰতে অনুষ্ঠিত হোৱা বুলি স্পষ্ট কৰি দি বৰাই কয়, ‘দলীয় সংবিধান ৰ ৰক্ষক মই নিজেই। তেনেস্থলত দলীয় সংবিধানৰ ভংগৰ প্ৰশ্নই উঠিব নোৱাৰে। দলীয় সংবিধানৰ গণ্ডীৰ ভিতৰতে কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ অধিৱেশন অনুষ্ঠিত হৈছে আৰু এই অধিৱেশনত দলৰ ৯৯ শতাংশ নেতা-কর্মী উপস্থিত আছে। ইয়াত কোনো গোপনীয়তা নাই বুলিও তেওঁ উল্লেখ কৰে। লগতে দলৰ নতুন কেন্দ্ৰীয় কাৰ্য নিবাহক সমিতিৰ বিষয়ববীয়াসকলক শীঘ্ৰে নিযুক্তি দিয়া হ’ব বুলিও বৰাই কয়।

Exit mobile version