কংগ্ৰেছত অন্তঃকন্দল

rahul gandhi rally janak bhat

কংগ্ৰেছ নেতাসকলকে নেতৃত্বৰ পৰিৱৰ্তন বিচাৰি চিঠি লিখাৰ পিছতেই দলটোৰ মাজত সঘনাই হৈ থকা বিবাদ পোহৰলৈ আহিছে। শেহতীয়াকৈ পত্ৰ লিখা এজন নেতাই সংবাদমাধ্যমৰ আগত কয় যে ৰাহুল গান্ধী একেৰাহে সাধাৰণ নিৰ্বাচনত পৰাজয় হোৱাৰ পিছত পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ উপযুক্ত নহয়। ইয়াৰ বিপৰীতে চলিত মাহত ৰাহুল গান্ধীক পুনৰ কংগ্ৰেছৰ অধ্যক্ষৰ পদত অধিস্থিত কৰিবৰ কাৰণে দাবী কৰিছে দলৰ বহু সংখ্যক নেতাই ।

ADVERTISEMENT

ইপিনে কংগ্ৰেছ দলৰে নাম প্ৰকাশত অনিচ্ছুক নেতাজনে লগতে কয় “ৰাহুল গান্ধীয়ে দলৰ নেতৃত্ব কৰিব পাৰিব নে নাই বা ২০২৪ ত ৪০০ খন আসন লাভ কৰিবনে নাই সেই বিষয়ে স্পষ্টকৈ ক’ব নোৱাৰিম। কাৰণ ২০১৪ আৰু ২০১৯ ৰ লোকসভা নিৰ্বাচনত অতি সীমিত আসন পাইছিল কংগ্ৰেছে ।”২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পিছতে ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ অধ্যক্ষৰ পদৰ পৰা পদত্যাগ কৰে আৰু ইয়াৰ পিছত ছোনিয়া গান্ধী দলৰ অধ্যক্ষ হয় ।

কংগ্ৰেছৰ নেতাজনে লগতে কয়”নাগপুৰৰ পৰা চিমলালৈকে দলৰ ১৬ জন সাংসদ আছে। ইয়াৰে ৮ জনেই পাঞ্জাৱৰ ৷ সকলোৱে মানি ল’ব লাগিব যে আমি ভাৰতত আছো ।বাস্তৱ বহু পৃথক। যদি কোনো বৈঠক হয় তেন্তে এই সকলো প্ৰসংগক আমি উত্থাপন কৰিম ৷

কংগ্ৰেছলৈ পঠোৱা পত্ৰখনৰ সন্দৰ্ভত নেতাজন কয় ” তেওঁলোক বহু বছৰ ধৰি কংগ্ৰেছত আছে। দলৰ কাৰণে আৰু ছোনিয়া গান্ধীৰ কাৰণে সন্মান আছে। গতিকে পত্ৰ উল্লেখ থকা কথাবোৰ দলটোক শক্তিশালী কৰিব ।লগতে বিজেপি লগত সমানে আগবাঢ়ি যোৱাতো সহায় কৰিব ।ছোনিয়া গান্ধীয়ে নিৰপেক্ষতাৰে সিদ্ধান্ত লয়। গতিকে তেওঁ নিশ্চয় এই বিষয়টোত গুৰুত্ব দিব।” লগতে নেতা জনে কয় “তেওঁলোকে সাক্ষাৎ কৰি থাকিব ।আৰু সকলো বিষয় উত্থাপন কৰিব ৷নিজৰ চিন্তা চৰ্চাসমূহো দলৰ নেতৃ বৰ্গৰ ওচৰত প্ৰকাশ কৰিব।

Exit mobile version