জম্মু কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষঃনিহত ৩ সন্ত্ৰাসবাদী

kashmir army reuters

জম্মু-কাশ্মীৰত  জাদৰা আৰু পুলৱামা অঞ্চলত সেনা সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত নিহত হৈছে তিনিটাকৈ সন্ত্ৰাসবাদী।আনহাতে গুৰুতৰভাৱে আহত হৈছে এগৰাকী সেনা জোৱান।জোৱানজনক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত। উল্লেখ্যে যে, সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ খবৰ পাই সেনাই চলাইছিল এই অভিযান ৷ সেনা সন্ত্ৰাসবাদীৰ সংঘৰ্ষ হোৱা স্থলীৰ পৰা সেনাই বন্দুক বাৰুদকে ধৰি বহু অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰিছে ৷

আনহাতে বিগত ১৭ আৰু ১৮ আগষ্টত বাৰমূলাতো সেনা সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হৈছিল ৷এই সময়ত ৩ টা সন্ত্ৰাসবাদী নিহত হয়। ইয়াৰ ভিতৰত লস্কৰৰ কমাণ্ডাৰ সজ্জাদ আৰু হাইদৰ আৰু ওস্মানৰ জৰিত হৈছিল। হাইদৰে যুৱকসকলক সন্ত্ৰাসবাদীৰ সংগঠনত ভৰ্তি কৰাইছিল ।

১৯ আগষ্টত দক্ষিণ কাশ্মীৰৰ চোপিয়াত সেনা সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষ হয় ।এই সংঘৰ্ষত এজন সন্ত্ৰাসবাদীৰ মৃত্যু হয়।

২৮ আগষ্টত চোপিয়াৰ কিলুৰাত সন্ত্ৰাসবাদী আৰু সেনাৰ সংঘৰ্ষত চাৰিটা সন্ত্ৰাসবাদীৰ নিহত হয় ।আৰু সেনাই এটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে। সেনা ভাষ্য অনুসৰি সন্ত্ৰাসবাদীৰ পৰা এ কে ৪৭ আৰু তিনিটা পিষ্টল উদ্ধাৰ কৰে।

Exit mobile version