প্ৰসংগঃসুশান্ত সিং ৰাজপুতৰ আত্মহত্যা

909367 sushant singh rajput

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাক লৈ চি বি আইৰ তদন্ত অব্যাহত আছে।সুশান্তৰ এই মৃত্যু আত্মহত্যা নে হত্যা এইয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। ইয়াৰ মাজতে সুশান্তৰ জ্যেষ্ঠ ভগ্নী শ্ৰেতা সিঙে টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ৷ ভিডিঅ’টোত নিজকে চিকিৎসালয়ৰ কৰ্মচাৰী বুলি পৰিচয় দিয়া এজন ব্যক্তিয়ে সুশান্তৰ ডিঙিত দাগ থকা আৰু ভৰি ভাঙি থকাৰ দাবী কৰিছে। এই সন্দৰ্ভত শ্ৰেতাই টুইট কৰে “হে ভগৱান,তেওঁলোকে মোৰ ভাইৰ লগত কি কৰিলে ৷প্লীজ তেওঁলোকক গ্ৰেপ্তাৰ কৰক৷”

শ্ৰেতাই শ্বেয়াৰ কৰা ভিডিঅ’টোত ব্যক্তিগৰাকীয়ে উল্লেখ কৰে ” আমি জানো যে এইয়া হত্যা ।ডিঙিত বেজিৰে খোঁচাৰ দৰে ১৫-২০ টা দাগ আছিল। লগতে ডিঙিত আঠাজাতীয় পদাৰ্থ লাগি আছিল ৷মই তেওঁক এম্বুলেন্সৰ ভিতৰতলৈ লৈ যোৱাৰ উপৰিও শ্মশান ঘাটলৈও লৈ গৈছিলো ৷সুশান্তৰ ভৰি ভাগি গৈছিল। যেতিয়া সুশান্তৰ শৰীৰৰ কুপৰ হস্পিতাললৈ লৈ অহা হৈছিল তেতিয়া তেওঁৰ ভৰি ভাগি আছিল।

লগতে কৰ্মচাৰীজনে সুশান্তৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীৰ বিষয়ে কয় ” যেতিয়া ৰিয়া আহিছিল তেতিয়া তেওঁৰ লগত দুজন মানুহ আছিল। ইয়াৰে এজনৰ দীঘল চুলি আছিল। তেওঁলোকে মোক সুধিছিল যে মৃতদেহটো দেখুৱাব পাৰিম নেকি? মই মৃতদেহটো দেখুৱালো ।তেতিয়া ৰিয়াই সুশান্তৰ ওচৰত ক্ষমা বিচাৰিছিল। লগতে আৰু কিবা কিবি কৈছিল ৷তেনেসময়তে মোক বাহিৰলৈ পঠোৱা হ’ল।প্ৰায় ২৫ মিনিট ৰিয়া ভিতৰত আছিল ।ডাঙৰ ডাঙৰ চিকিৎসকেও এইয়া হত্যা বুলিয়ে কৈছিল।

এই কৰ্মচাৰীজনে লগতে কয় “সুশান্তৰ শৰীৰটোৰ হালধীয়া হৈ গৈছিল ৷আমি মৃতদেহ দেখিলেই চিনি পাওঁ ৷ফাঁচী লোৱা শৰীৰ কেতিয়াও হালধীয়া নহয়। বুকু আৰু ভৰিৰ ওপৰত হালধীয়া চিন আছিল।” ইফালে কুপৰ হস্পিতালে দিয়া মৰণোত্তৰ পৰীক্ষাত সুশান্তে আত্মহত্যা কৰিছে বুলি প্ৰতিবেদন দিয়া হৈছিল ৷সুশান্তৰ শৰীৰত কোনো দাগৰ কথা উল্লেখ নাছিল মৰণোত্তৰ প্ৰতিবেদনত ।

আনহাতে বিগত সময়ত অহা মৰণোত্তৰ প্ৰতিবেদন ৰহস্যজনকভাৱে ফাদিল হৈছিল। প্ৰতিবেদন অনুসৰি সুশান্তৰ ডিঙিত আছিল ৩৩ছেন্টিমিটাৰৰ দাগ ৷এই দাগটো আছিল U আকৃতিৰ। ইয়াৰ জৰিয়তে প্ৰমাণিত হয় যে ডিঙিত ৰছী বা তেনেধৰণৰ বস্তুৰে হেচাঁ প্ৰয়োগ কৰা হৈছিল। এই সন্দৰ্ভত সুশান্তৰ পিতৃৰ অধিবক্তা বিকাশ সিঙে কয়”পূৰ্বতে প্ৰকাশ নোপোৱা কথাবোৰ এতিয়া ফাদিল হোৱাৰ ৰহস্য কি?

উল্লেখযোগ্য যে এইমছে প’ষ্টমৰ্টেম প্ৰতিবেদনৰ তদন্তৰ কাৰণে ফৰেনছিক হেড ড° সুধীৰ গুপ্তাৰ তত্ত্বাৱধানত এটা টীম গঠন কৰিছে। ইফালে চিবিআইয়ে এইমছৰ এই বিশেষ দলটোক অনতিপলমে প্ৰতিবেদন দাখিল কৰিবলৈ কয়।

Exit mobile version