মাত্ৰ তিনি হেজাৰত কিনিলে এক একৰ ভূমি

B057439A 3F27 48F0 8EA54AF511520AAB source

মঙল গ্ৰহত মানুহে বসবাস নকৰিলেও দীৰ্ঘদিনৰ পৰাই ৰঙাগ্ৰহত ভূমিৰ ক্ৰয়-বিক্ৰয় চলি আহিছে ।এইবাৰ প্ৰায় পানীৰ দৰত মঙল গ্ৰহত ভূমি ক্ৰয় কৰিলে পশ্চিমবংগৰ এজন যুৱকে ।মাত্ৰ তিনি হেজাৰ টকাত এবিঘা-দুবিঘা নহয় ,একেবাৰে এক একৰ ভূমি ক্ৰয় কৰি মঙলত মাটিৰ মালিক হ’ল হুগলি জিলাৰ শ্ৰীৰামপুৰৰ শৌনক দাস নামৰ যুৱকজন ।

মঙলত ক্ৰয় কৰা এক একৰ ভূমিৰ দলিল দেখুৱাই গুগলৰ কেন্ট্ৰিবিউটৰ শৌনকে দাবী কৰিছে যে তেৱেঁই হয়তো এনে অসাধ্য সাধন কৰা প্ৰথমজন বাঙালী লোক ।আনকি মঙলত শৌনিকৰ প্ৰতিবেশী হৈছে হলিউদৰ বিখ্যাত অভিনেতা টন ক্ৰুইজ।উল্লেখ্য যে মঙলত মাটি ক্ৰয় -বিক্ৰয়ৰ কপিৰাইট আছে আমেৰিকাৰ বাইমাৰ্ছডটকম নামৰ এটা বেচৰকাৰী প্ৰতিষ্ঠানৰ।মঙলৰ উপৰি চন্দ্ৰসহ অন্যান্য গ্ৰহ-উপগ্ৰহতো এই প্ৰতিষ্ঠানটোৱে মাটি বিক্ৰী কৰে ।

ইপিনে, মঙলত ইমান কম দৰত ভূমি লাভৰ সন্দৰ্ভত শৌনিকে কয় যে তেওঁ মহাকাশ যানৰ শৌচালয়ৰ নক্সা তৈয়াৰ নেপথ্যত জড়িত ।দাম শুনি প্ৰথমে তেওঁ আচৰিত হৈছিল।কিন্তু শ্বেয়াৰ বজাৰৰ দৰে ইমান দাম উঠানমা কৰে ।পাছলৈ দাম বাঢ়িবও পাৰে ।আনকি সেই মূল্য আকাশলংঘীও হৈ পৰিব পাৰে ।অৱশ্যে এক একৰ ভূমি তিনি হেজাৰ টকাতে ক্ৰয় কৰিলেও ইয়াৰ দলিল আদি তৈয়াৰ কৰিবলৈ তেওঁ যথেষ্ট ব্যয় কৰিবলগীয়া হয় ।

Exit mobile version