স্নাতকোত্তৰ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে তৎপৰ গুৱাহাটী বিশ্ববিদ্যালয়

cropped 1491907122phpudZ8vG

দেশৰ বিশ্ববিদ্যালয়সমূহে অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত স্নাতকোত্তৰ শ্ৰেণীৰ চূড়ান্ত তথা চতুৰ্থ ষাণ্মাসিকৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব লাগিব বুলি অৱশেষত উচ্চতম ন্যায়ালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগক নিৰ্দেশনা জাৰি কৰিছে । এই নিৰ্দেশনাৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্নাতকোত্তৰ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব আৰু আবাস সমূহৰ মুখ্য ৱাৰ্ডেন ডঃ দিলীপ বৰাই পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলৰ বাবে ছাত্ৰাবাস আৰু ছাত্ৰীনিবাস সাজু কৰিবলৈ জাননী জাৰি কৰিছে।

শ্ৰেণী সমূহৰ সচিব ডঃ বৰাই এই সন্দৰ্ভত জানিবলৈ দিয়া মতে অহা এক ছেপ্টেম্বৰৰ পিছত বিশ্ববিদ্যালয়ৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰী সকলেহে আবাসত থাকিব পাৰিব। পৰৱৰ্তী নিৰ্দেশনাযোগে অতি শীঘ্ৰে ইয়াৰ তাৰিখ জনোৱা হ’ব বুলিও নিৰ্দেশনাত সচিব ডঃ বৰাই উল্লেখ কৰিছে।

লগতে বিশ্ববিদ্যালয়ৰ চতুৰ্থ ষাণ্মাসিকৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে পূৰ্বতে ব্যক্তিগত ভাৱে থকাৰ ব্যৱস্থা কৰিছিল, সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে বিশ্ববিদ্যালয়ৰ ছাত্রবাস আৰু ছাত্ৰীনিবাসত থাকিব বিচাৰিলে এখন বিনামূলীয়া প্ৰ-পত্ৰ পূৰণ কৰি জমা দিব লাগিব বুলিও নিৰ্দেশনাটোত উল্লেখ আছে।

বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস আৰু ছাত্ৰীনিবাস তথা শ্রেণীকোঠা সমূহ ইতিমধ্যে চেনিটাইজ কৰা হৈছে। লগতে বিশ্ববিদ্যালয়ৰ খনৰ অধীনত থকা মহাবিদ্যালয় আৰু আন শিক্ষা প্ৰতিষ্ঠান সমূহৰ সচিব তথা অধ্যক্ষ সকলক উক্ত নিৰ্দেশনা যোগে স্নাতক চূড়ান্ত পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে জাননী জাৰি কৰিছে।

Exit mobile version