স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ।

23 03 20 Guwahati Himanta Biswa Sarma Press Meet 1

Assam State Finance, Education, PWD, Health Family and Welfare Etc. Minister Himanta Biswa Sarma, addresses press conference announcing Assam state lockdown from 24th March after 6pm onwards in the wake of deadly coronavirus, at Janata Bhawan in Guwahati on 23-03-2020.Pix by UB Photos

সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত কৰ’নাত বন্ধ হৈ থকা বিদ্যালয়সমূহ খোলাৰ ক্ষেত্ৰত কি কি পদক্ষেপ ল’ব সেই বিষয়ে মন্তব্য কৰে ।

১ছেপ্তেম্বৰৰ পৰা ১৫ ছেপ্তেম্বৰলৈ সকলো শিক্ষানুষ্ঠানত চেনিটাইজেশ্যন কৰা হ’ব। এই সময়ত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলে নেতৃত্ব বহন কৰিব লাগিব ৷আনহাতে,১৫ ছেপ্তেম্বৰৰ পৰা পৰীক্ষামূলকভাৱে ৰাজ্যৰ শিক্ষানুষ্ঠানৰ কিছু শ্ৰেণী খোলাৰ সিদ্ধান্ত কৰা হৈছে ।

প্ৰাথমিক পৰ্যায়ত প্ৰতি ৭দিনৰ অন্তৰত মিড ডে মিলৰ চাউল সংগ্ৰহ কৰিবলৈ অহাৰ সময়ত শিক্ষাৰ্থীসকলক শিক্ষাৰ বুজ ল’ব শিক্ষকসকলে। লগতে প্ৰশ্নকাকত জাতীয় কিছু কাম শিক্ষাৰ্থীসকলক শিক্ষকসকলে দিব পাৰিব।

দ্বাদশ শ্ৰেণী আৰু ডিগ্ৰীৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষানুষ্ঠান খোলাৰ সিদ্ধান্ত কথা সংবাদমেলত প্ৰকাশ কৰিছে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

১৫ ছেপ্তেম্বৰৰ পৰা ৩০ ছেপ্তেম্বৰলৈ পৰীক্ষামূলকভাৱে এনেধৰণৰ ব্যৱস্থাৰে শিক্ষাদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।লগতে এতিয়াৰে পৰাই শিক্ষকসকলে অনলাইন ক্লাছ শিক্ষানুষ্ঠানৰ পৰাই কৰিব লাগিব।

ৰাজ্যৰ মুঠ ১৬হাজাৰ ৯৪৪গৰাকী শিক্ষাৰ্থীয়ে লেপটপৰ সলনি লাভ কৰিব ২০ হাজাৰ টকাৰ পুৰস্কাৰ। ১২ছেপ্তেম্বৰৰ দিনা এক অনুষ্ঠানৰ জৰিয়তে প্ৰদান কৰা হব এই বটাঁ। এই আঁচনিৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰিব ৩৩কোটি টকা।

Exit mobile version