চাওঁ আহক কেইটামান গুৰুত্বপূৰ্ণ খবৰ
বিগত ২৪ ঘন্টাত দেশত কৰ’নাত ৭০,৮৬৭ গৰাকীকৈ লোক কৰ’নাত আক্ৰান্ত হৈছে ৷ দেশত কৰ’নাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছেগৈ ৩৫,৩৬,৬৬৭ গৰাকী। মৃত্যু হৈছে ৬৩,৫৮০ গৰাকী লোকৰ।
ৰিলায়েন্স গ্ৰুপে সম্প্ৰতি দেশৰ ৪২০ খন চহৰত সিচৰতি হৈ থকা বিগ বাজাৰ, ইজিডে’ আৰু FBBৰ ১৮০০তকৈয়ো অধিক ষ্ট’ৰ নিজৰ হাতলৈ আনিব । কোম্পানী দুটাৰ মাজত এই চুক্তি সম্পন্ন হৈছে ২৪৭১৩ কোটি টকাত ৷
ৰাছিয়াত ছেপ্তেম্বৰৰ ১৫-২৬ তাৰিখলৈ হ’বলগীয়া কাভকাজ-২০২০ সামৰিক অনুশীলনত ভাগ লোৱাৰ সিদ্ধান্ত সলনি কৰিলে ভাৰতে।উল্লেখ্য যে উক্ত সামৰিক অনুশীলনত ভাৰতে চীৰ বৈৰী চীন আৰু পাকিস্তানৰ সেনাৰ সৈতে সামৰিক অনুশীলন কৰাৰ কথা আছিল।
কৰ’না সংকটৰ মাজতে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে ছেপ্টেম্বৰৰ প্ৰথমভাগতে পাব আগষ্ট মাহৰ দৰমহা । অসম চৰকাৰৰ বিত্ত বিভাগে এই সন্দৰ্ভত প্ৰতিখন জিলাৰ কোষাগাৰলৈ ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে।
বিগত ৪৮ ঘন্টাত জম্মু-কাশ্মীৰত ১০টা সন্ত্ৰাসবাদী সেনাৰ গুলীত নিহত হৈছে ৷ ইয়াৰ পূৰ্বে পুলৱামাত ৩টা, শ্বপিয়ানত ৪টা সন্ত্ৰাসবাদী নিহত হয়। উল্লেখযোগ্য যে যোৱা কিছুদিনত সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষী-আৰক্ষীৰ সংঘৰ্ষ বৃদ্ধি পাইছে জম্মু-কাশ্মীৰত।