প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৬৮ সংখ্যক মন কী বাত

photo 2

মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনে আত্মনিৰ্ভৰশীল ভাৰত গঢ়াত সহায় কৰিব ৷ আজি ৬৮ সংখ্যক মন কী বাতত এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । লগতে মোদীয়ে কয় যে কৰ’নাৰ সময়ত দেশবাসীয়ে ঘৰতে থাকি ধৈৰ্যৰ পৰীক্ষা দিলে । এই পৰীক্ষা অভূতপূৰ্ব । সদ্যহতে অনুষ্ঠিত এইবাৰ গণেশ পূজা অনলাইন পালন কৰাৰ লগতে ইক’ ফ্ৰেণ্ডলী গণেশ মূৰ্তি স্থাপন কৰিলে।

ADVERTISEMENT

কৰ’নাৰ সময়ত ঘৰতে আৱদ্ধ হৈ থকা শিশু সকলৰ প্ৰসংগ উত্থাপন কৰি মোদীয়ে শিশুসকলৰ যিকোনো খেলৰ প্ৰসংগও উল্লেখ কৰে।

শিশুসকলে এই সময়ত খাদ্যাভাসৰ ওপৰত গুৰুত্ব দিব লাগে। কাৰণ শিশুসকলৰ পুষ্টি অতিকৈ জৰুৰী । গৰ্ভৱতী মহিলাসকলৰ কাৰণে পুষ্টিকৰ আহাৰ খোৱাটো প্ৰয়োজন । লগতে এখন নিউট্ৰিশ্যন কাৰ্ড তৈয়াৰ কৰাৰো পোষকতা কৰে মোদীয়ে।

উল্লেখযোগ্য যে বিগত মন কী বাতত মোদীয়ে কাৰ্গিল যুদ্ধত নিহত হোৱা ভাৰতীয় সৈনিকসকলৰ প্ৰসংগত মন্তব্য কৰিছিল। মোদীয়ে মন্তব্য কৰিছিল যে শত্ৰুৱে আমাৰ সেনা পৰাজিত কৰিবলৈ চেষ্টা কৰিছিল যদিও জয় লাভ কৰিছিল ভাৰতীয় সেনাই।

Exit mobile version