ৰিয়া চক্ৰৱৰ্তীৰ পাছত এইবাৰ চিবিআইৰ তদন্তত সুশান্তৰ প্রাক্তন মেনেজাৰ শ্ৰুতি মোডী

Nra2em

দ্ৰুতগতিত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ জেৰা অব্যাহত ৰাখিছে চিবিআইৰ দলটোৱে । আনহাতে, চাৰিদিন একেৰাহে চলোৱা মাৰথান জেৰাৰ সময়ত চিবিআইৰ একাধিক প্রশ্নৰ সন্মুখীন হৈছিল সুশান্তৰ প্রাক্তন প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী ।

ইয়াৰ পাছতে আজি চিবিআইৰ তদন্তৰ বাবে মুম্বাইৰ ডিআৰডিঅ’ কাৰ্যালয়ত উপস্থিত হয় সুশান্তৰ প্রাক্তন মেনেজাৰ শ্ৰুতি মোডী । ইয়াৰ আগতে শ্ৰুতিয়ে কে’বাবাৰো ইডিৰ জেৰাৰ সন্মুখীন হৈছিল ।

শ্ৰুতিয়ে কোৱা অনুসৰি, ৰিয়াই সকলোবোৰ আৰ্থিক লেনদেন কৰিছিল। অন্যহাতে, ৰিয়া চক্ৰৱৰ্তী আৰু শ্ৰুতিৰ বাহিৰেও চিবিআইয়ে শৌৱিক চক্ৰৱৰ্তী, সুশান্তৰ বন্ধু সিদ্ধাৰ্থ পিঠানী, মেনেজাৰ চেমুৱেল মিৰান্দা আৰু ঘৰৰ সহায়কাৰীক সোধপোছ কৰিছিল ।

চিবিআইৰ উপৰিও ইডি আৰু মাদকদ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ দলে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ বিভিন্ন কোণৰ তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version