হেপী বাৰ্ড ৰাজকুমাৰ ৰাও

5c1223b32100006708ca9703

যিসময়ত বলীউডত স্বজনপ্ৰীতিক লৈ বিভিন্ন বিতৰ্ক অব্যাহত আছে ৷সেই সময়তে বলীউডত নিজৰ অভিনয় প্ৰতিভাৰে জিলিকি উঠা এজন অভিনেতা হ’ল ৰাজকুমাৰ ৰাও ৷১৯৮৪ ৰ ৩১ আগষ্ট অৰ্থাৎ আজিৰ দিনটোতে হাৰিয়ানাৰ গুড়গাঁৱত জন্ম হৈছিল ৰাজকুমাৰ ৰাওৰ। প্ৰথমতে ৰাজকুমাৰ ৰাওলৈ জন্ম দিনৰ বহুত শুভেচ্ছা।

সৰুৰে পৰা ৰাজকুমাৰ ৰাওৰ ছবি ছোৱাৰ অত্যন্ত ভাল পাইছিল ।স্কুলত পঢ়ি থকা দিনৰ পৰা ৰাজকুমাৰে অভিনয় আৰু নাচি ভাল পাইছিল। দিল্লীত নিজৰ শিক্ষা শেষ কৰি তেওঁ পুণেস্থিত ফিল্ম এণ্ড টেলিভিচন ইনষ্টিটিউটত অৱ ইণ্ডিয়াত অভিনয়ৰ প্ৰশিক্ষণ লয়। আৰু ইয়াৰ পাছত অভিনয়ৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিবলৈ মুম্বাইলৈ আহে। ইয়াৰ পাছত মুম্বাইত আৰম্ভ হয় ৰাজকুমাৰৰ বলীউডত নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ কৰা সংঘৰ্ষ।

বিভিন্ন ঠাইত ১০০ ৰো অধিক অডিশ্যন দিয়াৰ পিছত ২০১০ ত ৰাজকুমাৰ ৰাওে দিবাকৰ বেনাৰ্জীৰ ছবি “লভ ছেক্স আৰু ধোখা”ত অভিনয়ৰ কাৰণে সুযোগ লাভ কৰে ।ইয়াৰ পিছত ৰাজকুমাৰে “ৰাগিনী MMS 2”,”গেন্স অফ ৱাচিপুৰ পাৰ্ট ২”,”আমিৰ খানৰ ছবি “তালাশ”ত সহকাৰী অভিনেতা হিচাপে সুযোগ পায় ।কিন্তু ৰাজকুমাৰ ৰাওৰ ২০১৩ ত মুক্তি পোৱা “কায় পো চে”ৰ জৰিয়তে বলীউডত টিকি টকাৰ বৃহৎ সুযোগ লাভ কৰে।

হঞ্চল মেহতাৰ ছবি “শ্বাহিদ”ৰ কাৰণে ৰাজকুমাৰ ৰাওে সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ লাভ কৰে ৷ লগতে এই ছবিখনৰ “ক্ৰিটিকছ চইজ”ৰ কাৰণেও সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰে ৷শ্বাহিদ ছবিখন ৱল্ড প্ৰীমিয়াৰ ৬৭ সংখ্যক বাৰ্লিন মহোৎসৱত প্ৰদৰ্শন কৰা হৈছে। এই ছবিখন সেই বৰ্ষত অস্কাৰলৈও পঠোৱা হৈছিল ৷

আনহাতে বলীউডৰ বহু পৰিচালক পছন্দৰ অভিনেতা ৰাজকুমাৰ ৰাও ৷নিউটন ছবিৰ পৰিচালক অমিত মচুৰকৰে কয় যে অভিনয়ত ৰাজকুমাৰ অতুলনীয় ৷পুৱতি নিশা প্ৰায় ৩ বজাৰ পৰা শ্বুটিঙৰ কাৰণে সাজু হৈছিল ৰাজকুমাৰ ৷ যাতে সকলো নিয়াৰিকৈ কৰিব পাৰি ৷অমিত মচুৰকৰৰ মতে বলীউডলৈ অহা সকলোৱেই ৰাজকুমাৰৰ পৰা প্ৰেৰণা ল’ব পাৰে।

স্ত্ৰী’ছবিৰ পৰিচালক অমৰ কৌশিকৰ মতে ৰাজকুমাৰে সকলো কথা হৃদয়ৰ পৰা আলোচনা কৰে। লগতে সকলো কথা অত্যন্ত মনোযোগেৰে শুনে।
গতিকে যিসময়ত বলীউডৰ বহু অভিনেতা অভিনেত্ৰীৰ জীৱন সংঘাত সংঘৰ্ষত মোকাবিলা কৰিব নোৱাৰি চৰম সিদ্ধান্ত ল’বলৈ আপোচ নকৰে ৷সেই সময়ত নিজৰ অভিনয় প্ৰতিভাৰ জৰিয়তে কোনো গড ফাদাৰ নোহোৱাকৈ বলীউডত এখন আসন লোৱা ৰাজকুমাৰ ৰাওতকৈ উৎকৃষ্ট উদাহৰণ কোনো হ’ব নোৱাৰে।

Exit mobile version