ক’ভিড প্ৰট’কল মানি ৰাষ্ট্রীয় মর্যাদাৰে প্রাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ শেষকৃত্য সম্পন্ন

Eg0KiwzUwAAEoqV

দিল্লীৰ লোধী ৰোডৰ শ্মশানত প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখাৰ্জীৰ শেষকৃত্য সম্পন্ন কৰা হয় । অশ্ৰুসিক্ত নয়নেৰে পিতৃক অন্তিম বিদায় জনায় তেখেতৰ পুত্ৰ অভিজিৎ মুখাৰ্জীয়ে ।

যিহেতু তেওঁৰ দেহত কৰ’নাৰ উপস্থিতি পোৱা গৈছিল, সেয়ে ক’ভিডৰ  প্ৰট’কল মানি চলি পিপিই কিট পৰিধান কৰি তেখেতৰ পৰিয়াল আৰু সম্বন্ধীয়সকলে প্ৰাক্তন ৰাষ্ট্রপতিগৰাকীক শেষ শ্রদ্ধা জনায় ৷

সম্পূৰ্ণ ৰাষ্ট্রীয় মর্যাদাৰে সম্পন্ন কৰা হয় শেষকৃত্য । আনহাতে, প্রণৱ মুখাৰ্জীৰ অস্থি বিসৰ্জন দিয়া হ’ব হৰিদ্বাৰত । উল্লেখ্য যে, দিল্লীৰ আৰ্মী হস্পিতালত প্ৰায় ২১ দিনীয়া যুঁজত হাৰ মানি অৱশেষত সোমবাৰে তেখেতৰ দেহাৱসান ঘটে।

Exit mobile version