ক’ভিড-১৯ত আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ যোৱানিশা প্ৰায় ১১.৩০ বজাত হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটে যদিও বৰ্তমান তেখেতৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ । যোৱানিশা হঠাৎ গগৈৰ অক্সিজেনৰ হাৰ ৮৮ শতাংশলৈ কমি গৈছিল । আৰু ইয়াৰ লগে লগে তেওঁক ১ ইউনিট প্লাজমা আৰু পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন প্ৰদান কৰা হয়।
ADVERTISEMENT
এই ঘটনাৰ পিছতেই জিএমচি এইচত উপস্থিত হৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বৰ্তমান প্রাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জনোৱাৰ লগতে তৰুণ গগৈৰ দেহত অক্সিজেনৰ পৰিমাণ ৯৬ ৰ পৰা ৯৭ শতাংশলৈ বৃদ্ধি পোৱা বুলি জনায় চিকিৎসকে । অন্যহাতে টুইটাৰ যোগে তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ সতে টেলিফোনিক বাৰ্তালাপ কৰাৰ কথা প্ৰকাশ কৰে।