আছুৰ দলত কৃষক মুক্তিঃ ১০ দিনৰ ভিতৰত নামকৰণ

images

জল্পনা কল্পনাৰ ওৰ পেলাই সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ভূমিষ্ঠ হ’ব লগা নতুন ৰাজনৈতিক দলত অংশীদাৰ হ’ব কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কে’বাটাও আঞ্চলিক দল।

সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলনৰ পটভূমিত ৰাজ্যত আত্মপ্ৰকাশ হ’ব লগা এই নতুন ৰাজনৈতিক দল গঠনৰ সন্দৰ্ভত আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ যৌথ নেতৃত্বত ৰাজ্যৰ ভিন্ন ক্ষেত্ৰত বিশিষ্ট লোকেৰে গঠিত অসম পৰামৰ্শদাতা সমিতিৰ দুখনকৈ বৈঠক অনুষ্ঠিত হোৱাৰ পাছতে এয়া নিশ্চিত কৰা হৈছে ৷

যোৱা ১৬ আগষ্টত গঠন হোৱা পৰামৰ্শদাতা সমিতিৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়। নতুন দল গঠনৰ পোষকতা কৰি ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত পৰামৰ্শদাতা সমিতিয়ে বিস্তৃতভাৱে আলোচনা কৰি নেতৃত্বৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰিব পৰামৰ্শৱলী । শাসকীয় দল বিজেপিক প্ৰতিৰোধ কৰিবলৈ কা বিৰোধী আঞ্চলিক শক্তিক একেলগ হৈ দল গঠনৰ বাবে বিভিন্ন মহলে জলাই অহা আহ্বানৰ প্ৰতি সঁহাৰি দি অৱশেষত ভূমিষ্ঠ হ’ব লগা দলটোৰ সহযোগী হোৱাৰ দিশে আগবাঢ়িছে অখিল গগৈৰ কৃষক মুক্তি সংগ্ৰাম ৷

উল্লেখযোগ্য যে পৰামৰ্শদাতা সমিতিৰ কে’বাজনো বিষয়াই প্ৰস্তাৱিত ৰাজনৈতিক দলটোত কৃষক মুক্তি চামিত হোৱাটো আৱশ্যক বুলি মতপোষণ কৰাৰ উপৰি সমিতিখনৰ সমন্বয়ক আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ আৰু যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ো সম্প্ৰতি ইয়াৰ পোষকতা কৰা বুলি সমিতিৰ সূত্ৰই “দৈনিক অগ্ৰদূত”ৰ আগত প্ৰকাশ কৰে।

ইফালে অহা ১০ দিনৰ ভিতৰত ভূমিষ্ঠ হ’ব লগা দলটোৰ নাম চূড়ান্ত কৰা হ’ব বুলি নিৰ্ভৰযোগ্য সূত্ৰই সদৰী কৰে ৷ইতিমধ্যে কে’বাজনো বিশিষ্ট লোকে দলটোৰ নামাকৰণ সন্দৰ্ভত কে’বাটাও প্ৰস্তাৱ কৰিছে যদিও সহমতৰ অন্তত দলটোৰ নাম চুড়ান্ত কৰা হ’ব বুলি সূত্ৰটোৱে কয়। বিজেপিক প্ৰতিহত কৰাৰ উদ্দেশ্যে গঠন হ’ব লগা নতুন আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম ৰাইজে গ্ৰহণ কৰিব পৰাকৈ নিৰ্ধাৰণ কৰা হ’ব বুলি সূত্ৰটোৱে কয় ৷

Exit mobile version